নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শেষ হ’ল অগপ-বিজেপিৰ আসন বুজাবুজি বৈঠক, ৰঞ্জিত দাসৰ বাসগৃহত হৈছিল আলোচনা

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ আগন্তুক নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আসন ভাগ-বাটোৱাৰাক লৈ বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ বাসগৃহত আজি পুৱা বৈঠকত বহে অগপ নেতৃত্ব আৰু ভাৰতীয় জনতা পাৰ্টীৰ শীৰ্ষ নেতৃত্ব।

বৈঠকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি ড০ হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত দাসৰ লগতে অগপ সভাপতি অতুল বৰা, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু কেশৱ মহন্তই অংশ লয়। ইতিমধ্যে শেষ হোৱা  আজিৰ আলোচনাৰ ফলাফল সন্দৰ্ভত কোনো কথা ৰাজহুৱাকৈ ব্যক্ত কৰিব বিচৰা নাই দুয়োটা দলৰ নেতৃত্বই।

আলোচনা সন্দৰ্ভত অগপ সভাপতি অতুল বৰাই কয়- ‘সামগ্ৰিকভাৱে আমি গোটেই নিৰ্বাচনটোৰ ওপৰতে আলোচনা কৰিছো। আলোচনা আৰম্ভ হৈছেহে, শেষ হোৱা নাই। ৰাষ্ট্ৰীয় নেতৃত্বৰ লগতো বৈঠক হোৱাৰ কথা আছে।’

অগপই নেতৃত্বই আসন ভাগ-বাটোৱাৰাক লৈ  কোনো কথা প্ৰকাশ নকৰে যদিও সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই স্বাভাৱিকতে আগৰবাৰতকৈ বেছি আসন বিচৰাৰ ইংগিত দিয়ে।

You might also like