নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রবাসী ভাৰতীয়ৰ ধনেৰে জুবিন গাৰ্গ-ৰ নশ্বৰদেহ অসমলৈ অনাৰ অভিযোগ গোকাট মিছা

অসমবাসীৰ মৰমৰ শিল্পী জুবিন গার্গ-ৰ মহাপ্রয়াণত ৰাজ্যবাসী মর্মাহত হৈ থকাৰ সময়তে একাংশই ৰাজনীতি কৰি আছে৷ কেন্দ্রীয় মন্ত্রী পৱিত্র মার্ঘেৰিটাই প্রিয় শিল্পীগৰাকীক লৈ ৰাজনীতি নকৰিবৰ বাবে একপ্রকাৰ সকীয়াই দিয়ে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক৷

যোৰহাটত অনুষ্ঠিত এখন সংবাদ মেলত কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয় যে এতিয়া ৰাজনীতিৰ সময় নহয়৷ জুবিনক লৈ কোনোৱে ৰাজনীতি কৰাটো নিবিচাৰে৷ কিন্তু লুৰিণজ্যোতি গগৈয়ে শিল্পীগৰাকীৰ মহাপ্রয়াণৰ দিনাৰ পৰাই ৰাজনীতি কৰি আহিছে৷

তথ্যবিহীনভাৱে কিছুমান মিছা কথাৰে ৰাইজৰ মাজতবিভ্রান্তিৰ সৃষ্টি কৰিছে৷ তেওঁলোকৰ দলেই পূর্বে জুবিনক অপমান কৰি গৈছে৷ জুবিনৰ পার্থিৱ শৰীৰ অসমলৈ আনিবৰ কাৰণে প্রবাসী ভাৰতীয়ৰ পৰা টকা সংগ্রহ কৰা বুলি যি অভিযোগ উত্থাপিত কৰিছে সেয়া সম্পূর্ণ মিছা কথা৷ কিয়নো শিল্পীগৰাকীৰ মহাপ্রয়াণৰ পিছদিনাই অসমৰ মুখ্যমন্ত্রীয়ে নিজেই উচ্চ আয়ুক্তৰ সৈতে কথা পাতি সমস্ত খৰচ সন্দর্ভত তথ্য সংগ্রহ কৰে৷

এইমর্মে ছিংগাপুৰৰ উচ্চ আয়ুক্তই ৭,৩৫৮ ডলাৰৰ এখন খৰচৰ বিল অসম চৰকাৰক পঠিয়াই দিয়ে৷ সংবাদ মেলত এই বিল প্রদর্শন কৰি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে এই বিল সম্পূর্ণ অসম চৰকাৰে বহন কৰা বুলি উল্লেখ কৰি জুবিন গার্গৰ মৃত্যুৰ পিছত অসমৰ মুখ্যমন্ত্রীগৰাকীয়ে কি ভূমিকা পালন কৰিছে সেয়া অসমৰ ৰাইজে দেখিছে বুলি উল্লেখ কৰে৷ তেওঁ লুৰিণজ্যোতি গগৈৰ চান্দাজীৱী মনস্তত্ত্ব নিজৰ লগত ৰাখিবৰ বাবে আহ্বান জনায়৷ তদুপৰি জুবিনক লৈ ৰাজনীতি নকৰিবলৈ সকীয়াই দিয়ে৷

বিশেষ বার্তা, যোৰহাট, ২৯ ছেপ্টেম্বৰ

You might also like