ডিজিটেল ডেস্ক, ৩১ অক্টোবৰ : উত্তৰ প্ৰদেশৰ কানপুৰ দেহাতৰ এক ভয়ংকৰ ঘটনাই দেশবাসীক স্তম্ভিত কৰি তুলিছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত কৰি উন্মোচন কৰা তথ্য অনুসৰি, বীমাৰ ধনৰ লোভত আৰু অবৈধ সম্পৰ্ক অটুট ৰাখিবলৈ এগৰাকী মাতৃয়ে নিজ পুত্ৰক হত্যাৰ ষড়যন্ত্ৰ ৰচিছিল। অভিযুক্ত মহিলাগৰাকীৰ নাম মমতা সিং। তেওঁ প্ৰেমিক মায়ংক কাটিয়াৰ আৰু মায়ংকৰ ভায়েক ঋষিৰ সৈতে মিলি ২৫ বছৰীয়া পুত্ৰ প্ৰদীপ সিঙক হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল বুলি জানিব পৰা গৈছে। এই ঘটনাই স্থানীয় লোকসকলক হতবাক কৰি তোলাৰ লগতে মাতৃয়ে নিজ সন্তানৰ বিৰুদ্ধে এনে নৃশংস কাণ্ড কৰিব পাৰে বুলি বিশ্বাস কৰিবলৈকে অসুবিধা পাইছে।
তদন্তত পোহৰলৈ অহা অনুসৰি, অংগদপুৰৰ বাসিন্দা মমতা সিঙে স্বামীৰ মৃত্যুৰ পিছত মায়ংকৰ সৈতে সম্পৰ্ক গঢ়ি তোলে। তেওঁলোকৰ সম্পৰ্ক শীঘ্ৰেই গাঁওখনত চৰ্চাৰ বিষয় হৈ পৰে, কাৰণ তেওঁৰ পুত্ৰ প্ৰদীপে এই সম্পৰ্কৰ তীব্ৰ বিৰোধিতা কৰিছিল। তেওঁ বাৰে বাৰে মাকক এই সম্পৰ্ক সমাপ্ত কৰিবলৈ অনুৰোধ কৰিছিল, কিন্তু মাতৃ মমতাই সেয়া অগ্ৰাহ্য কৰিছিল। বৰঞ্চ প্ৰেমিকৰ সৈতে বাধাহীনভাৱে জীয়াই থাকিবলৈ পুত্ৰক আঁতৰোৱাৰ সিদ্ধান্ত লৈছিল বুলি জানিব পৰা গৈছে।
আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে মমতাই পুত্ৰৰ নামত মুঠ ১ কোটি টকাতকৈও অধিক মূল্যৰ চাৰিটা জীৱন বীমা পলিচী লৈছিল। এই তথ্যই লোভো এই হত্যাৰ এক মুখ্য কাৰক হ’ব পাৰে বুলি আৰক্ষীৰ মনত সন্দেহ ঘনীভূত কৰে।
হত্যাৰ নিশা মমতা আৰু তেওঁৰ সহযোগীসকলে প্ৰদীপক ৰাতিৰ আহাৰৰ বাবে ঘৰলৈ মাতিছিল। ঘৰলৈ অহাৰ সময়ত এটা নিৰ্জন পথত মায়ংক আৰু ঋষিয়ে হাতুৰীৰে আক্ৰমণ কৰি প্ৰদীপক হত্যা কৰে। নৃশংস আক্ৰমণত প্ৰদীপ ঘটনাস্থলীতে মৃত্যুমুখত পৰে। তাৰ পিছত মৃতদেহটো হাইৱেৰ ওচৰত পেলাই দিয়া হয়, যাতে এয়া পথ দুৰ্ঘটনাৰ দৰে দেখা যায়। কিন্তু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনে এয়া দুৰ্ঘটনাৰ পৰিৱৰ্তে হত্যাকাণ্ড বুলি ভাবিবলৈ বাধ্য কৰায়।
আৰক্ষীৰ দলে তৎক্ষণাত তদন্ত আৰম্ভ কৰি ম’বাইল টাৱাৰ ডেটাৰ সহায়ত আৱিষ্কাৰ কৰে যে হত্যাৰ সময়ত মমতা আৰু মায়ংক দুয়োজনেই অপৰাধ সংঘটিতস্থলীত আছিল। জেৰাৰ সময়ত মায়ংকে স্বীকাৰ কৰে যে মমতাই এই জঘন্য কাণ্ডৰ মূল পৰিকল্পনাকাৰী আছিল আৰু বীমাৰ ধন পোৱাৰ পিছত তেওঁক ভগাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।
পিছত আৰক্ষীয়ে মায়ংকক গ্ৰেপ্তাৰ কৰে যদিও ঋষি এনকাউণ্টাৰত আহত হৈ ধৰা পৰে। তদন্তকাৰীসকলে হত্যাত ব্যৱহৃত হাতুৰী, দেশীয় পিষ্টলৰ লগতে অপৰাধত ব্যৱহাৰ হোৱা গাড়ীও উদ্ধাৰ কৰে। অৱশ্যে পাষাণ হৃদয়ৰ মাতৃ মমতা সিং এতিয়াও পলাতক। কেইবাটাও আৰক্ষী দলে তেওঁক বিচাৰি অভিযান চলাই আছে।