নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হেল’ কক্ষপথত প্রৱেশৰ কাউণ্ট ডাউন আৰম্ভ আদিত্য এল–১ৰ

🔹 ৬ জানুৱাৰীত ইছৰোৰ আন এক কৃতিত্বৰ সম্ভাৱনা

বিশেষ বাৰ্তা, ২৬ ডিচেম্বৰ : চন্দ্রযান–৩ৰ ইতিহাস সৃষ্টিকাৰী সফলতাৰ পাছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে সূর্যলৈ প্রেৰণ কৰা আদিত্য এল–১ অভিযানেও সফলতাৰ ক্ষণ গণিছে৷ যোৱা ২ ছেপ্টেম্বৰত সূর্যগামী আদিত্য এল–১ সফলতাৰে উৎক্ষেপণ কৰাৰ পাছত মহাকাশত বিভিন্ন পৰিক্রমা অতিক্রম কৰি অন্তিম জটিল পর্যায়ত প্রৱেশ কৰিছে৷ সূর্যগামী যানখনে নির্ধাৰিত লক্ষ্য হেল’ কক্ষপথত প্রৱেশৰ কাউণ্ট ডাউন আৰম্ভ হৈছে৷ পৃথিৱী আৰু সূর্যৰ মাজৰ মধ্যাকর্ষণীয় ভাৰসাম্যৰ বিন্দু লাগ্রেঞ্জ পইণ্ট (এল–১)ৰ সমীপৰ হেল’ কক্ষপথত প্রৱেশৰ বাবে প্রক্রিয়া আৰম্ভ হৈছে৷ ইছৰ’ৱে প্রকাশ কৰা মতে, এল–১ত প্রৱেশ কৰাৰ পূর্বে আদিত্য এল–১ৰ পৃথিৱীৰ চতুর্থ কক্ষপথটো অতিক্রম কৰাৰ মুহূর্তত আছে৷ এই প্রক্রিয়া সমাপ্ত হোৱাৰ পাছতেই যানখনে অভিযানৰ নির্ধাৰিত লক্ষ্য হেল’ কক্ষপথত প্রৱেশ কৰিব৷ সকলো ঠিকে থাকিলে অহা ৬ জানুৱাৰীত আদিত্য এল–১এ অভিযানৰ লক্ষ্যত উপনীত হ’ব৷ ইংৰাজী ২০২৪ বর্ষৰ প্রাৰম্ভতে ইছৰো আন এক সফলতাৰ সাক্ষী হ’ব৷ সূর্যৰ গোপন ৰহস্য উদ্ঘাটনৰ বাবে আৰম্ভ কৰা সূর্য অভিযান সফলতাৰে সম্পন্ন কৰিব পাৰিলে মহাকাশ অভিযানত ইছৰোৱে আন এক কৃতিত্ব লাভ কৰিব৷

You might also like