বিজেপি মিত্রজোঁটে অসমত লাভ কৰিব ৯৪ আসন
পুনৰ চৰকাৰ গঠনেৰে হেট্ট্রিক কৰিবলৈ সাজু হৈছে বিজেপি নেতৃত্বাধীন এনডিএ৷ ইণ্ডিয়া টুডে’–চি ভোটাৰ মোড অৱ দ্য নেচনৰ সমীক্ষাত অসমত পুনৰ বিজেপিৰ নেতৃত্বত চৰকাৰ গঠনৰ স্পষ্ট ইংগিত দাঙি ধৰিছে৷ সমীক্ষা অনুসৰি আগন্তুক বিধানসভা নির্বাচনত বিজেপিৰ নেতৃত্বত এনডিয়েই ৭৩খন আসন লাভ কৰাৰ বিপৰীতে মূল বিৰোধী দল সীমিত থাকিব কেৱল ২৭খন আসনত৷
আনহাতে এআইইউডিএফ দলে ৪খন আৰু ৰাইজৰ দলে লাভ কৰিব মাত্র এখন আসন৷ ১২৬টা সমষ্টিৰ ৭৩খন আসন বিজেপি আৰু মিত্রজোঁটে লাভ কৰাৰ বিপৰীতে কেৱল সংখ্যালঘু অধ্যুষিত এলেকাতহে অস্তিত্ব থাকিব কংগ্রেছৰ৷ তাৎপর্যপূর্ণভাৱে বিজেপিয়ে হিন্দু অধ্যুষিত তথা সংখ্যাগৰিষ্ঠতা থকা সমষ্টিত ৭৩খন আসন লাভ কৰাৰ বিপৰীতে কংগ্রেছে হিন্দু সংখ্যাগৰিষ্ঠতা সমষ্টিত ৭খন আসনহে লাভ কৰিব৷
অৱশ্যে মুছলমান অধ্যুষিত তথা মুছলমান সংখ্যাগৰিষ্ঠতা থকা সমষ্টিত কংগ্রেছে ২০খন আসন লাভ কৰিব৷ কার্যতঃ মূল বিৰোধী দলটোৰ ২৭খন আসনৰ সর্বাধিক আসন আহিব বাংলাদেশী মূলৰ ভোটাৰ থকা সমষ্টিৰ পৰা৷ উল্লেখ্য যে ইণ্ডিয়া টুডে’–চি ভোটাৰ মোড অৱ দ্য নেচনৰ সমীক্ষাত আগন্তুক নির্বাচনত বিজেপি মিত্রজোঁটৰ চৰকাৰে ৫০.২ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে কংগ্রেছে ৪৪ শতাংশ ভোট লাভ কৰিব বুলি প্রকাশ পাইছে৷
আনহাতে ৬৭.১ শতাংশ হিন্দু ভোটাৰৰ প্রথম পছন্দ বিজেপি৷ ইয়াৰ বিপৰীতে মুছলমান অধ্যুষিত অঞ্চলৰ ৭৮.৫ শতাংশই বিচাৰে কংগ্রেছক৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক মুখ্যমন্ত্রীৰূপে ৬৫.২ শতাংশ হিন্দু ভোটাৰে প্রক্ষেপ কৰাৰ বিপৰীতে গৌৰৱৰ পক্ষত আছে ৭৬.৪ শতাংশ মুছলমান ভোটাৰ৷ সমীক্ষাৰ তথ্য অনুসৰি এনডিএৰ মিত্রদল অগপই ৮খন আসন লাভ কৰাৰ বিপৰীতে বিপিএফে ৯খন আৰু ইউপিপিএলে লাভ কৰিব ৪খন আসন৷
কার্যতঃ ৯৪খন আসনেৰে তৃতীয়বাৰৰ বাবে অসমত বিজেপিৰ নেতৃত্বত এনডিএ চৰকাৰে চৰকাৰ গঠন কৰিব বুলি সমীক্ষাত তথ্য দাঙি ধৰিছে ইণ্ডিয়া টুডে’ৰ চি ভোটাৰে৷ উল্লেখ্য যে বিধানসভা নির্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও এইবাৰ ৰাজ্যখনত নির্বাচনী ঢ়ৌ বিজেপিৰ সপক্ষে বলাটো স্পষ্ট হৈছে৷ শাসনাধিষ্ঠিত দলটোৰ ব্যাপক ৰাজনৈতিক তৎপৰতাৰ বিপৰীতে এতিয়াও স্তিমিত পর্যায়তে আছে বিৰোধী ৰাজনৈতিক দলসমূহৰ কুচকাৱাজ৷
উজনি অসমৰ ১০খনতকৈ অধিক জিলাত বিজেপিয়ে শক্তিশালীভাৱে নির্বাচনী কাম–কাজ আগুৱাই নিয়াৰ বিপৰীতে কংগ্রেছৰ তৎপৰতা কেৱল নামনি অসমৰ সংখ্যালঘু অধ্যুষিত এলেকাতহে পৰিলক্ষিত হৈছে৷ কার্যতঃ ইণ্ডিয়া টুডে’–চি ভোটাৰ মোড অৱ নেচনৰ সমীক্ষাই বিধানসভা নির্বাচনৰ পূর্বে সম্ভাব্য ফলাফল দাঙি ধৰি পুনৰ বিজেপিৰ নেতৃত্বত অসমত চৰকাৰ গঠন হোৱাটো নিশ্চিত কৰিছে৷
ডিজিটেল ডেস্ক, ৪ ফেব্ৰুৱাৰী