নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিতর্ক–বিবাদেৰে সাহিত্য সভাৰ বিশেষ গুৱাহাটী অধিৱেশনৰ সামৰণি

বাক্–বিতণ্ডা–বিবদমান পৰিস্থিতিৰ মাজেৰে সামৰণি পৰিল অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বার্ষিক পঞ্চৰত্ন গুৱাহাটী অধিৱেশনৰ৷ পাঞ্জাবাৰীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত যোৱা ৩১ জানুৱাৰীৰ পৰা অনুষ্ঠিত বিশেষ অধিৱেশনখনৰ দ্বিতীয় মুকলি অধিৱেশনখন উদ্বোধন কৰে বিশিষ্ট ঔপন্যাসিক ফণীন্দ্র কুমাৰ দেৱচৌধুৰীয়ে৷

অধিৱেশনত শেহতীয়াকৈ সভাপতিৰ কার্যকাল বৃদ্ধিক লৈ প্রতিনিধি সভাত হোৱা অনাকাংক্ষিত পৰিৱেশক ‘অবাঞ্ছিত’ আখ্যা দি ঔপন্যাসিক দেৱচৌধুৰীয়ে কয় যে অসম সাহিত্য সভাত যিখিনি হৈ গ’ল সেয়া সহজতে গ্রহণ কৰিব পৰা বিষয় নহয়৷ এনেধৰণৰ পৰিস্থিতি হ’ব নালাগে৷ তেওঁ কয় যে অসমৰ জনসাধাৰণে অসম সাহিত্য সভাক এক উচ্চস্থানত ৰাখে৷ এক গাম্ভীর্যপূর্ণ বাতাৱৰণ চৌদিশে বিয়পি পৰাৰ কামনা অসমৰ ৰাইজে কৰে৷ ৰাইজৰ এই আস্থা অর্জন কৰিবলৈ সাহিত্য সভাই নিজকে যোগ্য কৰি তুলিব লাগিব বুলি মন্তব্য কৰি তেওঁ কয় যে অসম সাহিত্য সভা কেৱল সাহিত্যিকৰ অনুষ্ঠান নহয়, অসমৰ প্রতিজন নাগৰিকৰ অনুষ্ঠান৷ জনগণৰ আস্থাই সভাৰ মূল শক্তি আৰু সেয়া সভাই উপলব্ধি কৰিব পাৰিব লাগিব৷

তেওঁ কয় যে বিতর্কমূলক পৰিস্থিতি আচলতে হ’ব নালাগিছিল৷ কিন্তু যিয়েই নহওক অসমীয়াৰ বাবে জাতীয় আৱেগক প্রৱাহিত কৰি ৰাখিবলৈ যুগ–যুগান্তৰলৈকে সাহিত্য সভা লাগিব৷ অধিৱেশনত মুখ্য অতিথিৰূপে অংশ লৈ অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ডাঃ ধ্রুৱজ্যোতি বৰাই কয় যে এটা জাতি গঢ়িবলৈ হ’লে ভাষাক আধাৰ হিচাপে ল’বই লাগিব৷

কিয়নো ভাষা মূল বিষয়৷ বিভিন্ন সময়ত অসমীয়া ভাষাৰ ৰক্ষণাবেক্ষণৰ বাবে অসম সাহিত্য সভাই গুৰুত্বপূর্ণ ভূমিকা ল’বলগীয়া হৈছে৷ অসম সাহিত্য সভাৰ এয়াই ঐতিহাসিক ভূমিকা৷ ডাঃ বৰাই সকলো জাতি–জনগোষ্ঠীক আদৰি লৈ বৃহত্তৰ অসমীয়া জাতি গঢ়ি তুলিবলৈ সকলোকে আহ্বান জনায়৷

অনুষ্ঠানটোত পৰম সন্মানীয় অতিথিৰূপে অংশ লৈ ওড়িশাৰ জ্ঞানপীঠ বঁটাৰে সন্মানিত ড০ প্রতিভা ৰায়ে অসম সাহিত্য সভাক ভাৰতবর্ষৰ ভিতৰতে অন্যতম পুৰণি অনুষ্ঠান হিচাপে আখ্যা দি কয় যে ৰাজনীতি–ধর্মই মানুহক বিভক্ত কৰে, কিন্তু সাহিত্যই মানুহক একত্রিত কৰে৷ অসম সাহিত্য সভাই এই নীতিক সাৰোগত কৰি সকলোকে একত্রিত কৰি আগুৱাই যাব লাগিব৷

ভাষা–সাহিত্যৰ ওপৰত তেওঁ আলোকপাত কৰে৷ আমন্ত্রিত অতিথি ৰূপে অংশ লৈ অধ্যাপক ড০ অমলেন্দু চক্রৱর্তীয়ে ভাষাৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে৷ অধিৱেশনৰ অভ্যর্থনা সমিতিৰ কার্যকৰী সভাপতি বাসৱ কলিতাই আদৰণী ভাষণ আগবঢ়ায়৷

অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত দ্বাদশ বিশেষ বার্ষিক অধিৱেশনত মুঠ ২৮টা প্রস্তাৱ গ্রহণ কৰা হয়৷ প্রধান সম্পাদক দেৱজিৎ বৰাই প্রস্তাৱসমূহ পাঠ কৰে৷

উক্ত প্রস্তাৱসমূহৰ ভিতৰত প্রাণৰ শিল্পী জুবিন গার্গৰ সোঁৱৰণত এটা সর্বভাৰতীয় স্তৰৰ বঁটা প্রতি দুবছৰৰ মূৰে মূৰে প্রদানৰ সিদ্ধান্ত লোৱা হয়৷ অহা ২০২৭ চনত দুলীয়াজানত হ’বলগীয়া দ্বি–বার্ষিক পূর্ণাংগ অধিৱেশনত প্রথম বর্ষৰ বঁটা প্রদান কৰা হ’ব৷

তদুপৰি বড়ো, মিচিং, দেউৰী, কার্বি, ডিমাচা, মাৰ, কুকি আদি জনজাতিসমূহৰ একোজনকৈ স্বনামধন্য ব্যক্তিৰ নামতো একোটাকৈ বঁটা প্রদানৰ সিদ্ধান্ত অধিৱেশনে গ্রহণ কৰে৷ ভাষা–সাহিত্যৰ ক্ষেত্রতো ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া ভাষাৰ এশ নম্বৰৰ পূর্ণাংগ প্রশ্ণকাকত দিবৰ বাবেও সভাই সিদ্ধান্ত গ্রহণ কৰে৷

ইপিনে অধিৱেশনৰ অন্তিম দিনা সন্ধিয়া ৫ বজাত কেইবাখনো গ্রন্থ উন্মোচনৰ লগতে এখন কবি সন্মিলনো অনুষ্ঠিত হয়৷ সন্মিলনখনত ৰাজ্যৰ বিভিন্ন প্রান্তৰ কেইবাগৰাকীও কবিয়ে অংশ লৈ স্বৰচিত কবিতাসমূহ পাঠ কৰে৷

ডিজিটেল ডেস্ক, ৪ ফেব্ৰুৱাৰী

You might also like