নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঞ্চিত সিদ্ধাৰ্থ ভট্টাচাৰ্য : নিউ গুৱাহাটীত দীপ্লুৰঞ্জনক বিজেপিৰ টিকট

আগন্তুক অসম বিধানসভা নিৰ্বাচনক লৈ ৰাজনৈতিক তৎপৰতাৰ মাজতেই এইবাৰ নিউ গুৱাহাটী সমষ্টিৰ বাবে দীপ্লুৰঞ্জনক বিজেপিয়ে প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। নিউ গুৱাহাটীত সংগঠন মজবুত কৰা আৰু নতুন মুখ আগবঢ়োৱাৰ কৌশলৰ অংশ হিচাপে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

ৰাজনৈতিক মহলৰ মতে, এই প্ৰাৰ্থিত্বই সমষ্টিটোৰ নিৰ্বাচনী সমীকৰণত উল্লেখযোগ্য প্ৰভাৱ পেলাব পাৰে।

আজি প্ৰকাশ পোৱা বিজেপিৰ প্ৰাৰ্থী তালিকাত স্থান নোপোৱাৰ ভিতৰত সিদ্ধাৰ্থ ভট্টাচাৰ্যও অন্যতম। নিউ গুৱাহাটীত দীপ্লুৰঞ্জনে টিকট পোৱাৰ পিছত সিদ্ধাৰ্থ ভট্টাচাৰ্য ৰৈ গল। উল্লেখ্য যে সিদ্ধাৰ্থ ভট্টাচাৰ্য প্ৰাক্তন বিজেপিৰ সভাপতি আছিল।

ডিজিটেল ডেস্ক, ১৯ মাৰ্চ

You might also like