নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বিতীয় পর্যায়ৰ ৪ আসনত বিজেপি জয়ী হ’ব, এখনত প্রতিদ্বন্দ্বিতা

🔹 আত্মবিশ্বাসী মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা

বিশেষ বাৰ্তা, ২৮ এপ্রিল : পৰহি দ্বিতীয় পর্যায়ত ভোটগ্রহণ অনুষ্ঠিত হোৱা ৰাজ্যখনৰ পাঁচখন লোকসভা আসনৰ ভিতৰত চাৰিখনত বিজেপি জয়ী হ’ব৷ এখনত প্রতিদ্বন্দ্বিতা হৈছে।– এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে প্রথম পর্যায়ৰ পাঁচখন আসনতে বিজেপি জয়ী হ’ব৷ দ্বিতীয় পর্যায়ত চাৰিখনত জয়ী হ’ব৷ প্রথম আৰু দ্বিতীয় পর্যায় মিলি বিজেপিয়ে ৯খন আসনত জয়ী হ’ব৷ তৃতীয় পর্যায়ত হ’বলগীয়া চাৰিখন আসনৰ ভিতৰত তিনিখনত বিজেপি মিত্রজোঁট জয়ী হোৱাত কোনো সন্দেহ নাই৷ সেই অনুসৰি ১৪খন আসনৰ ভিতৰত ১২খনত বিজেপি মিত্রজোঁট জয়ী হ’ব আৰু এখনত প্রতিদ্বন্দ্বিতা হৈছে৷ দ্বিতীয় পর্যায়ত নির্বাচন অনুষ্ঠিত হোৱা কোনখন আসনত প্রতিদ্বন্দ্বিতা হৈছে সেই বিষয়ে সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত আসনখনৰ নামটো ক’বলৈ অস্বীকাৰ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে নামটো ক’ব খোজা নাই৷ কাৰণ, কার্যকর্তাসকলে দুখ পাব৷ সেইদৰে তৃতীয় পর্যায়ত নির্বাচন হ’বলগীয়া ধুবুৰী আসনখনৰ সম্পর্কত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ধুবুৰীত প্রতিদ্বন্দ্বিতা হ’ব৷ কিন্তু কাৰ লগত প্রতিদ্বন্দ্বিতা হ’ব সেয়া নির্বাচনী প্রচাৰত যোৱাৰ পাছত ক’ব পাৰিম৷ ধুবুৰীত ১০খনকৈ নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে যিহেতু মই মুখ্যমন্ত্রী, সেয়ে ৰাজ্যখনৰ সকলো ঠাইলৈ যাব লাগিব৷ নহ’লে মানুহে ভাবিব তেওঁলোকক সেই অঞ্চলটোৰ স্বাধীনতা দি দিয়া বুলি৷ সেয়ে তেওঁ ৰাজ্যখনৰ সকলো অঞ্চললৈ যাব৷ বর্তমানৰ ৰাজ্য চৰকাৰখনে ধর্মীয় সংখ্যালঘুৰ বাবে বেছি কাম কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে তিনি তালাক বন্ধকে ধৰি বাল্য বিবাহ বন্ধ আদি কামে ধর্মীয় সংখ্যালঘুসকলক উপকৃত কৰিছে৷ লাহে লাহে ধর্মীয় সংখ্যালঘুসকলে সেই কথা বুজি পাইছে আৰু তাৰ বাবেই তেওঁলোক বিজেপিৰ সভালৈ ওলাই আহিছে৷ কলেজত নামভর্তিৰ পৰা আৰম্ভ কৰি লাখপতি বাইদেউসকলক চেগুন, শাল আদি গছ ৰোপণ কৰিবলৈ যি কথা কোৱা হৈছে, এয়া অকল হিন্দুৰ বাবেই নহয়, ধর্মীয় সংখ্যালঘুসকলো ইয়াৰ পৰা উপকৃত হ’ব৷ চৰকাৰৰ সকলো আঁচনি হিন্দুৱেও পাইছে, ধর্মীয় সংখ্যালঘুৱেও পাইছে৷ মুখ্যমন্ত্রী হিচাপে মোৰ কাম হৈছে ৰাজ্যখনৰ জনসাধাৰণক বিকাশৰ পথ দেখুওৱা৷ নির্বাচনী প্রচাৰ সভাসমূহত তেওঁ কংগ্রেছ, ৰাহুল গান্ধী আদিৰ নাম নোলোৱাৰো উল্লেখ কৰি কয় যে নির্বাচনী প্রচাৰ সভাসমূহত তেওঁ কেৱল বিকাশ আৰু উন্নয়নৰ দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে৷ ইপিনে, পৰহি ভোটদান কৰিবলৈ গৈ প্রাক্তন কেন্দ্রীয় মন্ত্রী ৰাজেন গোহাঁয়ে বিজেপি দলক সমালোচনা কৰা প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিজেপি দলৰ কোনো নেতাই নির্বাচনৰ আগদিনা বা আগমুহূর্তত যদি দলৰ ক্ষতি হোৱা মন্তব্য কৰে, তেওঁ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ বিৰোধিতা কৰা নাই, পোনপটীয়াভাৱে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বিৰোধিতা কৰিছে৷ কাৰণ, এইটো নির্বাচন মোদীৰ নির্বাচন৷ ইয়াত পুৰণা বিজেপি, নতুন বিজেপিৰ কোনো কথা নাই৷ সুদীর্ঘ ১০ বছৰ তেওঁ নিজেও বিজেপি দলৰ হৈ কাম কৰাৰ কথা উল্লেখ কৰি কয় যে ১০ বছৰ জীৱনৰ এটা ডাঙৰ যুগ৷ বিজেপিত নতুন, পুৰণা আমি নামানো বুলি স্পষ্ট কৰি দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আজি বিজেপিত যোগদান কৰাজনকো আমি সমমর্যাদা দিওঁ আৰু পুৰণাজনকো সমমর্যাদা দিওঁ৷ ৰাজেন গোহাঁয়ে পৰহি ভোটদান কৰিবলৈ আহি কৰা মন্তব্য সম্পর্কত নির্বাচনৰ পাছতে দলে ব্যৱস্থা গ্রহণ কৰিব বুলি মুখ্যমন্ত্রী ড০ শর্মাই মন্তব্য কৰে৷ ইফালে, বিৰোধীৰ তিনি গগৈ প্রসংগত তীব্র কটাক্ষ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আমাৰ লগতো তিনি গগৈ আছে৷ বিধায়ক তৰংগ গগৈ, সাংসদ পৱিত্র মার্ঘেৰিটা, তপন গগৈ আমাৰ লগত আছে৷

You might also like