নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিআৰত শাসকীয় ইউপিপিএলৰ ৰণকৌশল

🔹 বুথ পৰ্যায়-মানুহৰ ঘৰৰ চোতালত নিৰ্বাচনী প্ৰচাৰ, যোগদান কাৰ্যসূচী

নিয়মীয়া বাৰ্তা, ২৮ এপ্ৰিল : লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিভিন্ন ৰাজনৈতিক দলে বিভিন্ন ৰণকৌশল প্ৰস্তুত কৰি নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে । ঠিক তেনেদৰে বিটিআৰত লোকসভা নিৰ্বাচনত শাসকীয় দল ইউপিপিএলে ৰণকৌশল প্ৰস্তুত কৰি গুৰুত্ব প্ৰদান কৰিছে বুথ পৰ্যায়ত নিৰ্বাচনী প্ৰচাৰত। বুথ পৰ্য়ায়ত, মানুহৰ ঘৰৰ চোতালত প্ৰাৰ্থীৰ হৈ সৰু সৰু নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে যোগদান কাৰ্য্যসূচীও অব্যাহত ৰাখিছে। কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিটিচিৰ ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ চোকাপাৰাত ইউপিপিএলৰ বুথ পৰ্যায়ৰ প্ৰচাৰ সভাৰ লগতে যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। চোকাপাৰা গাঁৱৰ ইউপিপিএল দলৰ কোকৰাঝাৰ জিলা সম্পাদক অমূল্য সূত্ৰধৰ, ৰাজু ব্ৰহ্ম আৰু কেন্দ্ৰীয় নেতা বুদ্ধদেৱ মুছাহাৰীৰ উপস্থিতিত শতাধিক পুৰুষ-মহিলাই আন ৰাজনৈতিক দল ত্যাগ কৰি ইউপিপিএল দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। নতুনকৈ যোগদান কৰাসকলক দলীয় প্ৰতীকেৰে আদৰণি জনাই তৃতীয় পৰ্য্যায়ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ভোট প্ৰদান কৰিবলৈ আহ্বান জনায় ।

প্ৰেৰক কৃষ্ণ বৰ্মন

You might also like