নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলগাছিয়াৰ শিমলাবাৰীত মৰণফান্দসদৃশ দলঙেৰে যাতায়াত কণ কণ শিক্ষাৰ্থীৰ

🔹 পকী দলং বিচাৰি ‘হিমন্ত মামা’লৈ কাতৰ আহ্বান

নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰী : বৰপেটা-বঙাইগাঁও জিলাৰ সীমামূৰীয়া আৰু উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত শিমলাবাৰী গাঁৱৰ মাজেৰে যোৱা ভোগডুবি মৰানৈৰ ওপৰত থকা ভগা কাঠৰ দলংখন মৰণফান্দত পৰিণত হোৱাত আজি একাংশ কণ কণ ছাত্ৰ-ছাত্ৰীয়ে ভগা দলঙৰ ওপৰত থিয় হৈ প্ৰতিবাদ সাব্যস্ত কৰে। ‘হিমন্ত মামা আমাক দলং লাগে, পকী দলঙৰ ব্যৱস্থা কৰক, পকী দলং লাগিবই’ আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ছাত্ৰ-ছাত্ৰীসকলে।

উল্লেখযোগ্য যে দলংখন জৰাজীৰ্ণ হৈ থকাত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে। জনিয়াৰ বিধায়ক ড০ হাফিজ ৰফিকুল ইছলাম, উত্তৰ অভয়াপুৰীৰ বিধায়ক আব্দুল বাতেন খন্দকাৰ আৰু বৰপেটাৰ সাংসদ আব্দুল খালেক- ইয়াৰ কোনো এজনেও দলংখন নিৰ্মাণতো দূৰৰে কথা, মেৰামতিপৰ্যন্ত নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। ফলত শীঘ্ৰেই ভগা দলংখন পকীকৰণ কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক বিদ্যালয়ৰ কণ কণ ছাত্র-ছাত্ৰী আৰু ৰাইজে কাতৰ আহ্বান জনাইছে।

প্ৰেৰক মফিদুল ইছলাম

You might also like