নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিচ্ছেদৰ প্রভাৱ পৰিছে ইজহানৰ ওপৰত

🔹 পুত্রক কেন্দ্র কৰিয়েই এতিয়া ছানিয়াৰ জীৱন

বিশেষ বাৰ্তা, ৫ ফেব্রুৱাৰী : কিছুদিন ধৰি পুত্রৰ স্কুলক লৈও সমস্যাৰ সন্মুখীন হৈছে ছানিয়া মির্জা৷ ভাৰতীয় টেনিছ তাৰকাগৰাকীৰ বিচ্ছেদৰ পিছৰে পৰা নির্যাতনৰ বলি হ’বলগীয়া হৈছে পুত্র৷ ফলত পুত্ৰক বিদ্যালয়লৈও পঠিয়াব পৰা নাই ছানিয়াই৷ টেনিছ তাৰকাগৰাকীৰ জীৱন এতিয়া পুত্র ইজহানক কেন্দ্র কৰিয়েই আগুৱাইছে৷ এটি পোষ্ট কৰি এই কথা জনাইছে ছানিয়া মির্জাই৷ সেই পোষ্টত দেখা গৈছে পুত্র ইজহান আৰু ভতিজা দুৱাক কোলাত লৈ সাবটি ধৰি বহি আছে তেওঁ৷ সেই ছবিৰ কেপচনত লিখা আছে ‘লাইফ লাইন’৷ অর্থাৎ ছানিয়াৰ জীৱনৰ এতিয়া চালিকা শক্তি পুত্র আৰু ভতিজাক৷ ২০১০ চনত ছানিয়াৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল পাকিস্তানৰ ক্রিকেটাৰ ছোৱেইব মালিক৷ ২০১৮ চনত জন্ম হয় পুত্র ইজহানৰ৷ ২০২২ চনৰ পৰা ছানিয়া আৰু ছোৱেইবৰ সম্পর্কৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে৷ এই বছৰৰ ২০ জানুৱাৰীত মালিকে হঠাৎ তেওঁৰ তৃতীয় বিবাহৰ কথা সামাজিক মাধ্যমত পোষ্ট কৰে৷ ইয়াৰ পিছতে ছানিয়াৰ পৰিয়ালৰ ফালৰ পৰা জনোৱা হয় যে ছানিয়া আৰু ছোৱেইবৰ আগতেই বিচ্ছেদ হৈছে৷ ছানিয়া–ছোৱেইবৰ বিচ্ছেদৰ প্রভাৱ পৰিছে তেওঁৰ পুত্রৰ জীৱনত৷ পাকিস্তানৰ এক সংবাদ মাধ্যমৰ দাবী অনুসৰি, ছোৱেইবৰ তৃতীয় বিবাহক লৈ সহপাঠীসকলৰ তাচ্ছিল্যৰ চিকাৰ হৈছে ৬ বছৰীয়া ইজহান৷ বাধ্য হৈ পুত্রক স্কুললৈ পঠিওৱা বন্ধ কৰি দিছে ছানিয়াই৷ উল্লেখ্য যে ডুবাইৰ এখন স্কুলত পঢ়া–শুনা কৰে ইজহানে৷ তাৰ পৰা তেওঁক ভাৰতলৈ অনা হৈছে৷ ছানিয়াই দেশৰ কোনো স্কুলত ভর্তি কৰোৱাৰ সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে৷

You might also like