নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰভোগত বিজেপি মণ্ডল কাৰ্যালয় উদ্বোধন ড০ শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ২৯ ফেব্ৰুৱাৰী : ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আজি বিকাশৰ বাৰ্তা লৈ বৰপেটাত উপস্থিত হয়। এই ভ্ৰমণকালত এক গুৰুত্বপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সৰভোগত নৱনিৰ্মিত ভাৰতীয় জনতা পাৰ্টীৰ মণ্ডল কাৰ্যালয় ভৱন উদ্বোধন কৰে। অনুষ্ঠানটোত বিজেপি অসমৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু ৰণোজ পেগু উপস্থিত থাকে৷ বৰনগৰৰ ৰাইজে মুখ্যমন্ত্ৰীগৰাকীক বিপুল আদৰণি জনায়৷ এই কাৰ্যালয় ভৱন উদ্বোধন সৰভোগত বিজেপিৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে, যি স্বচ্ছ আৰু সামগ্ৰিক শাসনৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ প্ৰতীক।

প্ৰেৰক মফিদুল ইছলাম

You might also like