নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ ডিচেম্বৰৰ পৰা চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীসকলৰ বাবে হোষ্টেলসমূহ খোলা হ’বঃ ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ“শেহতীয়াকৈ ৰাজ্যত ক’ভিড-১৯ ৰ পৰিৱেশৰ ফালে যদি চাও তেন্তে আমি যথেষ্ট সন্তুষজনক অৱস্থাত আছোঁ। অৱশ্যে এইটো বিশ্বায্য বিষয় নহয়।” আজি জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

এই সংবাদমেলতে মন্ত্ৰীগৰাকীয়ে কয়- “কভিড-১৯ ৰ বৰ্তমান পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি অহা ১৫ ডিচেম্বৰৰ পৰা চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীসকলৰ বাবে হোষ্টেলসমূহ খুলি দিবলৈ সিদ্ধান্ত লৈছোঁ।”

সেই অনুসৰি মহাবিদ্যালয়সমূহৰ ক্ষেত্ৰত চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকল, পলিটেকনিক- ইঞ্জিনিয়াৰিঙৰ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীসকল ১৫ ডিচেম্বৰৰ পৰা নিজ নিজ হোষ্টেললৈ উভতি আহিব পাৰিব বুলি মন্ত্ৰী ড০ শৰ্মাই মন্তব্য কৰে।

লগতে মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ হোষ্টেলসমূহৰ চাফ-চিকুন কৰিবলৈ শীঘ্ৰে মন্ত্ৰীগৰাকীয়ে অধ্যক্ষসকলক নিৰ্দেশ দিয়াৰ কথাও উল্লেখ কৰে।

You might also like