নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ জানুৱাৰীৰ পৰা ৰাজ্যত খুলিব প্ৰাথমিক বিদ্যালয়সমূহ

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ “এতিয়ালৈকে আমি ষষ্ঠ শ্ৰেণীলৈকে বিদ্যালয় খোলা নাছিলোঁ। প্ৰাথমিক শিক্ষক সন্মিলনিৰ সৈতে হোৱা আলোচনাৰ ভিত্তিত ১ জানুৱাৰীৰ পৰা প্ৰথমমানৰ পৰা ষষ্ঠ শ্ৰেণীলৈ স্কুলসমূহ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।”– আজি জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

যাৰ পৰিপ্ৰেক্ষিতত অহা ১ জানুৱাৰীৰ পৰা ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহে পাঠদান কৰা আৰম্ভ কৰিব পাৰিব।

অৱশ্যে এইক্ষেত্ৰত কোন দিনা কোনটো শ্ৰেণীৰ পাঠদান হ’ব তাৰ ওপৰত এছঅ’পি প্ৰকাশ কৰা হ’ব।

ইপিনে সাংবাদিকৰে হোৱা এক মতবিনিময়ত মন্ত্ৰীগৰাকীয়ে কয় যে স্কুললৈ নিজ ল’ৰা-ছোৱালীক পঠাব বা নপঠাব এই গোটেই ব্যৱস্থাটো অভিভাৱকৰ ওপৰত থাকিব। অৱশ্যে এইবৰ্ষত এটেনডেন্সটো হিচাপ কৰা নহ’ব।

You might also like