বৰপেটাৰোডত কংগ্ৰেছক তীব্ৰ আক্ৰমণ প্ৰধানমন্ত্ৰীৰ
কংগ্ৰেছৰ নীতি আৰু ৰাজনীতি সদায় বিদেশী লোকসকলক সুৰক্ষা দিয়াৰ দিশত আগবাঢ়ে
প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছ দলৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰি অভিযোগ কৰে যে কংগ্ৰেছে সদায় বাংলাদেশী অনুপ্ৰৱেশকাৰীক ৰক্ষণাবেক্ষণ দিব বিচাৰে। তেওঁ কয় যে কংগ্ৰেছৰ নীতি আৰু ৰাজনীতি সদায় বিদেশী লোকসকলক সুৰক্ষা দিয়াৰ দিশত আগবাঢ়ে।
প্ৰধানমন্ত্ৰীয়ে আৰু দাবী কৰে যে কংগ্ৰেছে আইন প্ৰৱৰ্তন কৰি বাংলাদেশী লোকসকলক “ভুক্তভোগী” ৰূপে প্ৰদৰ্শন কৰিব বিচাৰে আৰু তাৰ জৰিয়তে খিলঞ্জীয়া লোকসকলক অসুবিধাত পেলাব পাৰে। তেওঁ কয় যে এই ধৰণৰ ব্যৱস্থাই খিলঞ্জীয়া জনসাধাৰণৰ অধিকাৰ ক্ষুণ্ণ কৰিব পাৰে।
এই পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীয়ে ৰাজ্যবাসীক সাৱধান হৈ থাকিবলৈ আহ্বান জনাই কয় যে আগন্তুক নিৰ্বাচনত নিজৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ সঠিক সিদ্ধান্ত লোৱা অতি প্ৰয়োজন। তেওঁ সকলোকে বিজেপিক ভোট দিবলৈ আহ্বান জনায়।
এই মন্তব্যৰ পিছত ৰাজ্যৰ ৰাজনীতিত পুনৰ তীব্ৰ প্ৰতিক্ৰিয়া দেখা গৈছে।
ডিজিটেল ডেস্ক, ৬ এপ্ৰিল