কাৰ্বি আংলং জিলাত সংঘটিত হোৱা চাঞ্চল্যকৰ অভি–নীল হত্যাকাণ্ডৰ গোচৰৰ আজি ৰায়দান দিলে আদালতে। সেই অনুসৰি ২০জন অভিযুক্ত দোষী সাব্যস্ত কৰাৰ বিপৰীতে ২৫জনক দোষমুক্ত ঘোষণা কৰিছে। নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতে এই ৰায় ঘোষণা কৰিছে।
উল্লেখ্য যে, আজি আদালতে দোষী সাব্যস্ত কৰা অভিযুক্তসকলৰ শাস্তি ঘোষণা কৰা নাই। দীৰ্ঘ আঠ বছৰীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত এতিয়া এই গোচৰটো পৰিসমাপ্তিৰ দিশে আগবাঢ়িছে। জঘন্য হত্যাকাণ্ডটোৰ গোচৰ নম্বৰ হৈছে ৫৩ (এন)/২০১৮। ২০১৮ চনৰ ৮ জুন তাৰিখে কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তৰ্গত পাণজুৰি গাঁৱত সংঘটিত হৈছিল এই নৃশংস ঘটনা।
সেইদিনা একাংশ উন্মত্ত লোকৰ দল এটাই মৰিয়াই মৰিয়াই হত্যা কৰিছিল গুৱাহাটীৰ দুই যুৱক অভিজিৎ নাথ আৰু নীলোৎপল দাসক। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল।
ডিজিটেল ডেস্ক, ২০ এপ্ৰিল