নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাত বন্দুকধাৰীৰ সন্ত্ৰাস, আততায়ীৰ গুলীচালনাত ৮ শিশুৰ মৃত্যু

ডিজিটেল ডেস্ক, ২০ এপ্ৰিল : আমেৰিকাত বন্দুকধাৰীৰ গুলীত মৃত্যু হৈছে আঠটি শিশুৰ। নিহত শিশুকেইটিৰ বয়স ১ বছৰৰ পৰা ১৪ বছৰৰ ভিতৰত। দেওবাৰে পুৱা (স্থানীয় সময় অনুসৰি) এই ঘটনা সংঘটিত হয় লুইজিয়ানা প্রদেশৰ শ্ৰিভপোৰ্ট চহৰত। আৰক্ষীৰ গুলীত ইতিমধ্যে আততায়ীৰো মৃত্যু হৈছে। প্ৰাথমিকভাৱে আৰক্ষীয়ে অনুমান কৰিছে যে আততায়ী এজনেই আছিল।

কি কাৰণত এই গুলীচালনা সংঘটিত হ’ল, সেয়া এতিয়াও স্পষ্ট নহয়। তথাপি আৰক্ষীৰ অনুমান মতে, পাৰিবাৰিক কোনো বিবাদৰ ফলতেই এই ঘটনা সংঘটিত হ’ব পাৰে। নিহত শিশুসকলৰ মাজৰ কেইবাটিও শিশু আততায়ীৰ নিজৰেই সন্তান বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

শ্ৰিভপোৰ্ট আৰক্ষীৰ এজন বিষয়াই জনাইছে যে দেওবাৰে পুৱা প্ৰায় ৬ বজাত এই গুলীচালনাৰ ঘটনা সংঘটিত হয়। এই ঘটনাত মুঠ ১০জন গুলীবিদ্ধ হয়, তাৰে ভিতৰত আঠজনৰ ঘটনাস্থলীতে মৃত্যু ঘটে।

আৰক্ষীয়ে জনোৱা মতে, ঘটনাটোৰ বিষয়ে এতিয়াও বিশদ তথ্য সংগ্ৰহ চলি আছে। চহৰৰ তিনিটা স্থানত এই হত্যাকাণ্ড সংঘটিত হৈছে। আৰক্ষীৰ মুখপাত্ৰ ক্ৰিষ্টোফাৰ বোর্ডেলনে জনাইছে যে মুঠ তিনিটা ঘটনাস্থল চিনাক্ত কৰা হৈছে। ৭৯ ৱেষ্ট ষ্ট্ৰীটৰ দুটা ঘৰ আৰু তাৰ পিছত নিকটৱৰ্তী হেৰিছন ষ্ট্ৰীটৰ এটা ঘৰতো গুলীচালনা কৰা হয়।

গুলীচালনাৰ পিছত অভিযুক্তই এখন গাড়ীৰে পলায়নৰ চেষ্টা কৰে। সেই সময়তে আৰক্ষীৰ টহলদাৰী দলৰ গুলীত অভিযুক্তজন নিহত হয়।

আততায়ীৰ নাম-পৰিচয় এতিয়াও প্ৰকাশ কৰা হোৱা নাই। এই আক্ৰমণ কিয় সংঘটিত হ’ল আৰু কিমানজন জড়িত আছিল, সেয়াও স্পষ্ট নহয়। তথাপি আৰক্ষীয়ে অনুমান কৰিছে যে তিনিওটা স্থানতে এজনেই আততায়ী আছিল আৰু তেৱেঁই গুলীচালনা কৰিছিল। আৰক্ষীৰ মতে, নিহত শিশুসকলৰ মাজৰ কেইবাটিও আততায়ীৰ নিজৰেই সন্তান আছিল।

You might also like