নিৰ্বাচন সমাগত! সময় সঠিক সিদ্ধান্ত গ্ৰহণ কৰাৰ
দিছ্পুৰ প্ৰেছ ক্লাৱত আজি অনুষ্ঠিত হয় বাঘ সেনাৰ এখন সংবাদ মেল। সংবাদ মেলত বাঘ সেনাই ৰাজ্যত সম্প্ৰীতি বজাই ৰখাৰ লগতে সংখ্যালঘু লোকসকলৰ অধিকাৰ সুৰক্ষাৰ দাবী উত্থাপন কৰে।
সংগঠনটোৰ নেতৃত্ব ইউনুছ তামুলীয়ে কয় যে, তেওঁলোকে সংখ্যালঘু আৰু সাধাৰণ জনগণৰ স্বাৰ্থ ৰক্ষাৰ বাবে দীৰ্ঘদিন ধৰি কাম কৰি আহিছে। লগতে সংবাদ মেলৰ জড়িয়তে বৰ্তমান ৰাজ্যৰ সামগ্ৰিক পৰিৱেশ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি ইউনুছ তামুলীয়ে কয় যে, নিৰ্বাচন সমাগত! এতিয়া সময় আহি পৰিছে সঠিক সিদ্ধান্ত গ্ৰহণ কৰাৰ। নিৰ্বাচনৰ এই সময় খিনিত যদি আমি সঠিক সিদ্ধান্ত গ্ৰহণ কৰোঁ, সেই সিদ্ধান্তই এখন সুস্থ সমাজ গঢ়াত আমাক সহায় কৰিব। তাৰ কাৰণে আমি সাজু হোৱাৰ সময়।
আজিৰ সমাজখনত এক সাম্প্ৰদায়িক শক্তিয়ে যথেষ্ট ক্ৰিয়া কৰি আছে আৰু এই সাম্প্ৰদায়িক শক্তিয়ে যিকোনো মূহুৰ্ততে এক ভয়ংকৰ পৰিস্থিতিলৈ লৈ যোৱাৰ উপক্ৰম ঘটাৰ এক অনুভৱ হৈছে। কিছু সাম্প্ৰদায়িক দলে এক বিষবাস্প বিয়পাব লৈ চেষ্টা কৰি আছে, এই ক্ষেত্ৰত আমি সকলোৱে সজাগ হোৱাৰ প্ৰয়োজন।
লগতে, এইবাৰ নিৰ্বাচনত আমি কাক ভোটদান কৰিম সেই ক্ষেত্ৰতো সঠিক সিদ্ধান্ত গ্ৰহণ কৰা সময়। আনহাতে তেওঁ কয় – ধৰ্ম নিৰপেক্ষতাৰ নামত কিছু সাম্প্ৰদায়িক শক্তিয়ে অসম খনক অস্থিৰ কৰাৰ পৰিকল্পনা কৰিছে। যাৰ কাৰণে এক অনাহত পৰিস্থিতিৰ উদ্ভৱ হৈছে।
আমাৰ এইখন অসম শংকৰ-আজানৰ অসম। ইয়াত আমি সকলো সম্প্ৰীতিৰে বাস কৰিছোঁ। লাচিত আৰু বাঘ হাজৰিকাই লগ হৈ মোগলক ভেটা দিয়া অসম। আৰু আমি এই অসমখন তেনেদৰেই শংকৰ-আজানৰ অসম হৈ থকাটো বিচাৰোঁ।
কিন্তু ২০১৪ চনৰ পৰাই সেইজন আজানক আমি হেৰুৱালো। বৰ্তমান অসমখনক ধ্বংস কৰা ৰোধ কৰিবলৈ বাঘ সেনা ওলাই আহিম। আমি যেতিয়া কিবা এটা কথা কম কোনোবাই আমাক বাংলাদেশী এজেন্ট বুলি ক’ব। বাঘ সেনাৰ নেতৃত্বক জেললৈ পঠিওৱাই, আমি মনে মনে থাকিম। আমি ৰাজনীতি কৰিবলৈ অহা নাই। প্ৰকৃত যি জন বাঘ সেনাৰ তেজ থাকিব ,যিমানেই কণ্ঠ ৰুদ্ধ কৰিব বিচাৰিলেও নোৱাৰিব। এইখন কেনেকুৱা অসম য’ত গোৱালপাৰা মানুহ শিৱসাগৰত আহিব নোৱাৰিব।
কথা ক’লেই বিকৃত কথা কৈ মুখ বন্ধ কৰা হয়। উজনিৰ মানুহ আহি নামনিত কাম কৰিব নোৱাৰিব, কাম কৰিবলৈ আহিব নোৱাৰে, ভাড়াঘৰ ল’ব নোৱাৰে, এনেধৰণৰ বিভিন্ন এক পৰিৱেশৰ সৃষ্টি কৰিছে। যিটো অত্যন্ত দুখজনক হোৱাৰ লগতে আমাৰ সমাজৰ কাৰণে ক্ষতিকাৰক হৈ পৰিছে। মই এখন সম্প্ৰতি অসম গঢ়াৰ কথা সকলো সময়তে মাত মাতি আহিছোঁ, কিন্তু এই ক্ষেত্ৰত মোক সকলোৱে সাম্প্ৰদায়িক বা বিভিন্ন ধৰণে সমালোচনা কৰিছে।
কিন্তু চাবলৈ গ’লে মই আহোম জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা তামুলী বংশধৰ। মোক এনেধৰণৰ সাম্প্ৰদায়িক বিষয় বিলাকত মাত মতাৰ কাৰণে বহুতে সমালোচনা কৰিছে। আৰু সেনা বুলি কোৱা কিছুমান সংগঠন, পাৱত গজা কিছুমান দল সংগঠনে মোক বিভিন্ন সময়ত ব্যাপক সমালোচনা কৰাৰ লগতে মোক জেললৈ পঠাইছে।
এই ক্ষেত্ৰত মই যিমানে যেনেকুৱা পৰিস্থিতিৰ উদ্ভৱ নহওঁক কিয় ইয়াৰ বিৰুদ্ধে মই সদায় মাত মাতি যাম। শংকৰ-আজানৰ দেশ গঢ়াত মোক কোনো বাধা দিব নোৱাৰে, লাগিলে এই যুঁজত মই মৰিব লৈ আৰু মাৰিব লৈও সাজু। মই সদায় নতুন বৰ অসম গঢ়াৰ পক্ষত আছোঁ।
এই ক্ষেত্ৰত মই সদায় অচল অটল হৈ আছিলোঁ আৰু থাকিম। ইয়াৰ বিৰুদ্ধে মই সংগ্ৰাম অব্যাহত ৰাখিম। শেষত বাঘ সেনাই আগন্তুক নিৰ্বাচনত ৰাইজক সজাগভাৱে সিদ্ধান্ত ল’বলৈ আহ্বান জনাই কয় যে, সঠিক সিদ্ধান্তই এখন সুস্থ, শান্তিপূৰ্ণ আৰু সম্প্ৰীতিৰ অসম গঢ়াত সহায় কৰিব।
ডিজিটেল ডেস্ক, ২৫ মাৰ্চ