নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অধিনায়ক ৰাহুলক ধমক লক্ষ্ণৌৰ স্বত্বাধিকাৰীৰ

🔹 সঞ্জীৱ গোৱেংকাৰ আচৰণক সমালোচনা প্রাক্তন ক্রিকেটাৰৰ

বিশেষ বাৰ্তা, ১০ মে’ : অধিনায়ক লোকেশ ৰাহুলক ৰাজহুৱাভাৱে ধমক দিলে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকাই৷ চলিত আইপিএলৰ বুধবাৰে হায়দৰাবাদত অনুষ্ঠিত মেচখনত ছানৰাইজার্ছ হায়দৰাবাদৰ হাতত লজ্জাৰ পৰাজয়ক সহজভাৱে ল’ব নোৱাৰিলে ফ্রেনছাইজীটোৰ মালিক গোৱেংকাই৷ মেচখনত লক্ষ্ণৌৱে সহজেই আত্মসমর্পণ কৰাৰ পিছত দলটোৰ অধিনায়ক লোকেশ ৰাহুলৰে তৰ্কত লিপ্ত হয় সঞ্জীৱ গোৱেংকা৷ সেই মুহূর্তৰ ভিডিঅ’ লগে লগে ভাইৰেল হৈ পৰে৷ মেচখনত লক্ষ্ণৌৱে প্রথমে বেটিং কৰি চাৰি উইকেটত ১৬৫ ৰান কৰে৷ প্রত্যুত্তৰত ছানৰাইজার্ছে ৯.৪ অভাৰতে কোনো উইকেট নেহেৰুৱাকৈ জয়ৰ লক্ষ্যত উপনীত হয়৷ খেলৰ অন্তত লক্ষ্ণৌ দলটোৰ স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকা খেলপথাৰলৈ নামি আহে৷ গোৱেংকাই হাত জোকাৰি ৰাহুলক বহু কথা বুজোৱাৰ চেষ্টা কৰিছে৷ তেওঁৰ আচৰণৰ পৰা স্পষ্ট হৈ পৰিছিল যে তেওঁ দলৰ পৰাজয়ত মুঠেই সুখী নহয়৷ সঞ্জীৱ গোৱেংকাৰ উগ্রমূর্তি দেখি বাকৰুদ্ধ হৈ পৰিছিল অধিনায়ক লোকেশ ৰাহুল৷ মূৰ দোঁৱাই মালিকৰ সকলো কথা শুনি লৈছিল৷ অধিনায়ক ৰাহুলৰ পিছত সঞ্জীৱ গোৱেংকাই প্রশিক্ষক জাষ্টিন লেংগাৰৰ সৈতেও কথা পাতিছিল৷ দলটোৰ কেইবাজনো ক্রিকেটাৰলৈও আঙুলি টোঁৱাইছিল গোৱেংকাই৷ দলটোৰ স্বত্বাধিকাৰীৰ এনে আচৰণৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত বিয়পি পৰাৰ লগে লগে ধুমুহাৰ সৃষ্টি হয়৷ ইপিনে, স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকাৰ এনে আচৰণক সমালোচনা কৰিছে কেইবাজনো প্রাক্তন ক্রিকেটাৰে৷ ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ প্রাক্তন প্রশিক্ষক মাইক হেছনে গোৱেংকাৰ এনে আচৰণত অসন্তুষ্টি ব্যক্ত কৰে৷ দক্ষিণ আফ্রিকাৰ প্রাক্তন অধিনায়ক গ্রেম স্মিথৰ লগতে নিউজিলেণ্ডৰ স্কট ষ্টাইৰিছেও লক্ষ্ণৌৰ স্বত্বাধিকাৰীজনৰ এনে আচৰণক সমালোচনা কৰিছে৷ ইফালে, ভাৰতীয় দলৰ এগৰাকী আগশাৰীৰ ক্রিকেটাৰৰ প্রতি দলৰ মালিকৰ আচৰণত ক্ষুব্ধ হৈ পৰিছে অনুৰাগী৷ তেওঁলোকে মন্তব্য কৰে যে দলৰ পৰাজয়ত মালিকৰ খং উঠিব পাৰে, সেইটো ড্রেছিং ৰুমলৈ গৈ বুজাব পৰা গ’লহেঁতেন৷ খেলপথাৰত সকলোৰে সন্মুখত লোকেশ ৰাহুলক অপমান কৰাৰ যুক্তিৰ ওপৰতো প্রশ্ণ উত্থাপন কৰে অনুৰাগীয়ে৷ অৱশ্যে সঞ্জীৱ গোৱেংকাৰ এই আচৰণ নতুন নহয় বুলি একাংশ সমর্থকে উল্লেখ কৰিছে৷ তেওঁলোকে কেইবছৰমান আগৰ এক ঘটনা উত্থাপন কৰিছিল যেতিয়া সঞ্জীৱ গোৱেংকা আছিল ৰাইজিং পুনে ছুপাৰ জায়েণ্টছৰ মালিক৷ চেন্নাই ছুপাৰ কিংছক দুবছৰলৈ নিষিদ্ধ কৰাৰ সময়ত ধোনীয়ে পুনেৰ হৈ আইপিএলত খেলিছিল৷ প্রথম বছৰ তেওঁ অধিনায়ক আছিল৷ কিন্তু পিছৰ বছৰত তেওঁক নেতৃত্বৰ পৰা অপসাৰণ কৰা হৈছিল৷ বহুতেই ভাবে যে সেই সিদ্ধান্তৰ আঁৰত আছিল সঞ্জীৱ গোৱেংকা৷

You might also like