নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১২ মে’ পর্যন্ত বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্রৰ

🔹 ১১-১২ মে’ত বৰষুণৰ লগতে ধুমুহাৰ সম্ভাৱনা

বিশেষ বাৰ্তা, ৬ মে’ : চাৰি লোকসভা সমষ্টিত কাইলৈ অনুষ্ঠিত হ’বলগীয়া ভোটগ্রহণত বিধি–পথালি দিব পাৰে প্রতিকূল বতৰে৷ কিয়নো উত্তৰ–পূর্বাঞ্চলৰ আন ৰাজ্যৰ লগতে অসমৰ প্রান্তে প্রান্তে মঙলবাৰে বৃষ্টিপাতৰ আগজাননী প্রকাশ কৰিছে বতৰ বিজ্ঞান বিভাগে৷ বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্রই প্রকাশ কৰা অনুসৰি, ৭ মে’ত ৰাজ্যৰ আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷ কেৱল মঙলবাৰেই নহয়, অহা ১২ মে’ পর্যন্ত ৰাজ্যত প্রতিকূল বতৰ অব্যাহত থাকিব৷ ইয়াৰে ভিতৰত ১১ আৰু ১২ মে’ত বৰষুণৰ লগতে ধুমুহা অহাৰ সম্ভাৱনা বতৰ বিজ্ঞান কেন্দ্রই প্রকাশ কৰিছে৷ উল্লেখ্য যে কাইলৈ গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত ভোটগ্রহণ হ’ব৷ পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ সমষ্টিকেইটাত ভোটগ্রহণ হ’ব৷ কিন্তু বতাহ–বৰষুণে প্রতিকূল পৰিস্থিতিৰ সৃষ্টি কৰিলে ভোটদাতাসকল অসুবিধাৰ সন্মুখীন হোৱাটো নিশ্চিত৷ ইয়াৰ পূর্বে যোৱা ১৯ এপ্রিল আৰু ২৬ এপ্রিলত আন ১০টা সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হৈছিল৷ সেই সময়ত ৰাজ্যত গৰমৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাইছিল যদিও দুয়োটা পর্যায়ত ভোটদানৰ হাৰ সন্তোষজনক আছিল৷ ইপিনে, বতৰ বিজ্ঞান কেন্দ্রই প্রকাশ কৰা অনুসৰি আজিৰ দিনটোত গুৱাহাটীৰ সর্বোচ্চ তাপমাত্রা আছিল ২৯.৮ ডিগ্রী চেলচিয়াছ৷ মহানগৰত সর্বনিম্ন তাপমাত্রা হৈছে ২০ ডিগ্রী চেলচিয়াছ৷ আনহাতে, ৰাজ্যৰ কেইবাখনো জিলাত বতৰ বিজ্ঞান কেন্দ্রই ইয়েল’ এলার্ট জাৰি কৰিছে। এই জিলাকেইখন হৈছে– কামৰূপ, কামৰূপ মহানগৰ, দৰং, দক্ষিণ শালমাৰা, ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, কোকৰাঝাৰ, বাক্সা, চিৰাং, নগাঁও, মৰিগাঁও, কাছাৰ আদি৷ সতর্কবাণী জাৰি কৰাৰ লগতে বতৰ বিজ্ঞান কেন্দ্রই ৰাজ্যবাসীক সাৱধান আৰু সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে৷

You might also like