নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰায়ণপুৰৰ ভোগপুৰত দুই মানৱ সৰবৰাহকাৰীক আটক

🔹 বহি:ৰাজ্যত মোটা অংকৰ ধন লৈ গতাই দিছিল ঠিকাদাৰক
নিয়মীয়া বাৰ্তা, ৬ মে’ : অৰুণাচল প্ৰদেশত কাম দিয়াৰ ছলেৰে অসমৰ যুৱকক নি বিক্ৰী কৰা দুই মানৱ সৰবৰাহকাৰীক আজি লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ভোগপুৰত ৰাইজে হাতে-লোটে আটক কৰি গতাই দিলে আৰক্ষীক। পূৰ্বে এনেদৰে নি বন্দী কৰি ৰখা দুজনমান যুৱকে পলাই আহি নিজ গৃহত আছিল। পুনৰ তেওঁলোকক কাম দিম বুলি ফোনযোগে যোগাযোগ কৰিছিল দুজন লোকে। যুৱক দুজনে এইবাৰ স্থানীয় ৰাইজক অৱগত কৰাত ৰাইজে আজি ছেগ বুজি সৰবৰাহকাৰী দুটাক আবদ্ধ কৰি আৰক্ষীক গতাই দিয়ে। আজি দিনৰ ভাগত সংঘটিত হৈছে এই ঘটনা। ধৃত সৰবৰাহকাৰী দুটা লালুক ম’হঘুলিৰ ফকৰ উদ্দিন আৰু কাহিপৰাৰ মিজানুৰ ৰহমান বুলি জানিব পৰা হৈছে । তেওঁলোকৰ পৰা জানিব পৰা মতে, আমিৰ আলী নামৰ এটা ঠিকাদাৰৰ নিৰ্দেশত ভোগপুৰ অঞ্চলৰ পৰা কেইজনমান ১৪-১৫ বছৰীয়া কিশোৰক অৰুণাচললৈ নিবলৈ আহিছিল ধৃত সৰবৰাহকাৰী দুটা। কিশোৰকেইজনৰ লগত হোৱা ফোনৰ যোগাযোগৰ ভিত্তিত স্থানীয় ৰাইজে আটক কৰিবলৈ সক্ষম হয় সৰবৰাহকাৰী দুটাক । কিশোৰকেইজনে জানিবলৈ দিয়া মতে, মানৱ সৰবৰাহকাৰী চক্ৰটোৱে এনেদৰে ল’ৰা নি ঠিকাদাৰক গতাই দি মোটা অংকৰ ধন লৈ উধাও হয়। ঠিকাদাৰী পক্ষই তেওঁলোকক দিনত কামত লগাই নিশা বাহিৰৰ পৰা তলা মাৰি কোঠাত আবদ্ধ কৰি ৰাখে। এক অমানৱীয় অত্যাচাৰ চলায় এইসকল কিশোৰৰ ওপৰত। ইতিমধ্যে সৰবৰাহকাৰী দুটাক নাৰায়ণপুৰ আৰক্ষীক গতাই দিছে। নাৰায়ণপুৰ আৰক্ষীয়ে তেওঁলোকক আটক কৰি অব্যাহত ৰাখিছে তদন্ত ।
প্ৰেৰক চন্দন শইকীয়া
You might also like