নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ঘোষণা হ’ব পঞ্চায়ত নির্বাচনৰ জিলা পৰিষদৰ প্রার্থীৰ নাম, ৰাজ্যিক বিজেপিৰ গুৰুত্বপূর্ণ বৈঠক

নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ এপ্ৰিলঃ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ দখলৰ পাছতেই এইবাৰ পঞ্চায়ত দখলৰ লক্ষ্যৰে উঠিপৰি লাগিছে ৰাজ্যিক বিজেপি৷ অহা ১১ এপ্রিলত পঞ্চায়ত নির্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিনৰ পূর্বেই আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ প্রার্থী তালিকা প্রস্তুতৰ বাবে বাজপেয়ী ভৱনত অনুষ্ঠিত হ’ল দুখনকৈ গুৰুত্বপূর্ণ বৈঠক৷ প্রথম বৈঠকত ৰাষ্ট্রীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ ভার্চুৱেলী উপস্থিত থকাৰ বিপৰীতে নিশাৰ ভাগত অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা ভার্চুৱেলী উপস্থিত থাকে৷ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত প্রথমখন বৈঠকত ৰাষ্ট্রীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষে সম্বোধন কৰে আৰু পঞ্চায়ত নির্বাচনক লৈ বিভিন্ন দিশ উল্লেখ কৰে৷ বিশেষকৈ গাঁও পঞ্চায়ত নির্বাচনত এইবাৰ দলীয় প্রতীক নথকা হেতুকে বিজেপিয়ে গাঁও পঞ্চায়তৰ এই নির্বাচনত কিদৰে সংযোগ হ’ব তথা আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ দখলৰ ক্ষেত্রত বিজেপিয়ে মুখ্যতঃ কোনবোৰ দিশ আগত লৈ আগবাঢ়িব সেই সন্দর্ভতো ৰাষ্ট্রীয় নেতাগৰাকীয়ে এলানি পৰামর্শ দিয়ে৷ উল্লেখ্য যে অহা ২ আৰু ৭ মে’ত দুটা পর্যায়ত অনুষ্ঠিত হ’বলগা পঞ্চায়ত নির্বাচনৰ বাবে ইতিমধ্যে বিজেপি আৰু মিত্রদল অগপই সমষ্টিয়ে সমষ্টিয়ে আসন ভাগ–বাটোৱাৰাৰ কাম প্রায় সম্পূর্ণ কৰিছে৷ প্রতিখন জিলাৰ বিপৰীতে কেবিনেট মন্ত্রীসকলক আসন বুজাবুজি বিষয়টো সন্দর্ভত দায়িত্ব অর্পণ কৰা হৈছে৷ সেই অনুসৰিয়েই যোৱা কেইদিনৰ ভিতৰতে প্রায়কেইখন জিলাত অগপৰ সৈতে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ আসন বুজাবুজি সম্পূর্ণ কৰা হৈছে৷ আসন বুজাবুজিৰ পাছতেই জিলা পৰিষদৰ প্রার্থিত্বক লৈ আজি ৰাজ্যিক বিজেপিয়ে অনুষ্ঠিত কৰে এই গুৰুত্বপূর্ণ বৈঠকখন৷ প্রায় সকলো মন্ত্রী তথা দায়িত্ব অর্পণ কৰা নেতাৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকতে জিলা পৰিষদৰ প্রার্থী তালিকা চূড়ান্ত কৰা হয়৷ আনহাতে, নিশালৈ অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্রী ড০ শর্মাই পঞ্চায়ত নির্বাচন সন্দর্ভত দলৰ পৰা বিস্তৃত তথ্য সংগ্রহ কৰে৷ এই বৈঠকতে মুখ্যমন্ত্রীগৰাকীয়ে আঞ্চলিক আৰু জিলা পৰিষদৰ নির্বাচনৰ ক্ষেত্রত দলৰ ভূমিকা কি হ’ব তথা পঞ্চায়ত নির্বাচনৰ বাবে দলে কোনবোৰ বিষয় আগত লৈ ভোটাৰৰ ওচৰলৈ যাব সেই সন্দর্ভতো বিভিন্ন পৰামর্শ প্রদান কৰে৷ সমান্তৰালভাৱে প্রার্থিত্ব প্রদানৰ ক্ষেত্রত কোনোধৰণৰ সংঘাত বা বিতর্কৰ সৃষ্টি নহয়, সেই বিষয়ত বিশেষ গুৰুত্ব দিবলৈও ৰাজ্যিক নেতৃত্বক পৰামর্শ প্রদান কৰে৷ বৈঠকৰ পাছতেই ৰাজ্যিক বিজেপিয়ে আনুষ্ঠানিকভাৱে জিলা পৰিষদ আৰু জিলা পৰিষদৰ প্রার্থিত্ব তালিকা জিলাই জিলাই ঘোষণা কৰাৰ সম্ভাৱনা আছে৷

You might also like