নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২২–২০২৩ চনৰ ভিতৰত ৰাজ্যত সম্পূর্ণৰূপে বলৱৎ হ’ব নতুন শিক্ষা নীতি

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ ২০২২–২৩ চনৰ ভিতৰত ৰাজ্যত সম্পূর্ণৰূপে বলৱৎ হ’ব ৰাষ্ট্রীয় শিক্ষা নীতি৷ বুধবাৰে মুখ্যমন্ত্রী ড০ শর্মাৰ শিক্ষা বিভাগৰ পর্যালোচনা বৈঠকৰ পূর্বে এখন সংবাদ মেলত ৰাষ্ট্রীয় শিক্ষা নীতি বলৱৎ কৰা সন্দর্ভত এই কথা স্পষ্ট কৰিলে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ খানাপাৰাৰ প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত সংবাদ মেল সম্বোধন কৰি শিক্ষামন্ত্রী ডাঃ পেগুৱে কয়– নতুন শিক্ষা নীতিৰ বিভিন্ন দিশসমূহ পৰীক্ষা কৰি থকাৰ লগতে চিন্তাবিদ, শিক্ষাবিদ আৰু বিভিন্ন সংগঠনৰ সৈতে আলোচনা অব্যাহত আছে৷ ৰাষ্ট্রীয় শিক্ষা নীতি ২০২২ চনত ৭৫ শতাংশ আৰু ২০২৩ চনৰ ভিতৰত ১০০ শতাংশই বলৱৎ হ’ব৷ এই নতুন শিক্ষা নীতি অহাৰ লগে লগে প্রাথমিক পর্যায়ত বাধ্যতামূলক হ’ব মাতৃভাষা৷ পঞ্চম শ্রেণীৰ পৰাহে নিজৰ ইচ্ছা মতে ছাত্র–ছাত্রীয়ে বাছনি কৰিব পাৰিব ভাষাৰ মাধ্যম৷ শিক্ষামন্ত্রী ডাঃ পেগুৱে ইয়াকো স্পষ্ট কৰে যে নতুন শিক্ষা নীতিৰ ফলত আৱাসিক বিদ্যালয়ৰ শিক্ষকৰ চাকৰি হেৰুওৱাৰ শংকা নাই৷ কিয়নো নতুন শিক্ষা নীতিত আৱাসিক বিদ্যালয় বন্ধ কৰি দিয়াৰ কোনো নির্দেশনা নাই৷ সেয়েহে চৰকাৰে ৰাজ্যত নতুনকৈ স্থাপন কৰিব ১০খন আৱাসিক বিদ্যালয়৷

আনহাতে, ৰাজ্যত অহা বর্ষৰ পৰাই মহাবিদ্যালয়সমূহত্ নাথাকিব একাদশ আৰু দ্বাদশ শ্রেণীৰ পাঠ্যক্রম৷ তেওঁ এই সন্দর্ভত প্রকাশ কৰা মতে, ২০২২ চনৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংযোজিত হ’ব একাদশ আৰু দ্বাদশ শ্রেণী৷ ইয়াৰ বিপৰীতে মহাবিদ্যালয়সমূহত আৰম্ভ কৰা হ’ব স্নাতকোত্তৰ পাঠ্যক্রম৷ এইক্ষেত্রত শিক্ষা বিভাগে আৰম্ভ কৰিছে প্রয়োজনীয় ব্যৱস্থাৱলী৷

ইফালে শিক্ষা বিভাগৰ চাকৰিৰ বাবে আবেদন কৰা যুৱক–যুৱতীসকলৰ্ বাবে সুখবৰ কঢ়িয়াই শিক্ষামন্ত্রীগৰাকীয়ে ঘোষণা কৰে যে অহা ২৭ নৱেম্বৰত শিক্ষক পদৰ বাবে ইতিপূর্বে হৈ যোৱা পৰীক্ষাৰ ভিত্তিত আনুষ্ঠানিক নিযুক্তি–পত্র প্রদান কৰা হ’ব৷

এই সংবাদ মেলতে ডাঃ পেগুৱে কয়– প্রাক্প্রাথমিক শিক্ষা আৰম্ভ কৰাৰ বাবে বিভাগে এক বিশেষ চিন্তাচর্চা প্রস্তুত কৰি তুলিছে৷ নতুন ৰাষ্ট্রীয় শিক্ষা নীতি অনুসৰি এই প্রাক্প্রাথমিক শিক্ষা তিনি বছৰ বয়সৰ পৰা আৰম্ভ হ’ব৷ অংগনৱাড়ী কেন্দ্রসমূহ প্রাথমিক বিদ্যালয়ত সংযোগ কৰি প্রাক্প্রাথমিক শিক্ষা ব্যৱস্থা আৰম্ভ কৰা হ’ব৷ সর্বভাৰতীয় পর্যায়ৰ পৰীক্ষাত অসমৰ ছাত্র–ছাত্রীয়ে সঘনাই দেখুওৱা নিৰাশাজনক ফল সন্দর্ভত শিক্ষামন্ত্রীগৰাকীয়ে কয় যে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত নামভর্তি কৰিবলৈ ইচ্ছুক নহয় বহুসংখ্যক ছাত্র–ছাত্রী৷ বিজ্ঞান শাখাৰ ৩০–২০ শতাংশ আসন পূৰণ নোহোৱাকৈয়ে ৰৈ যায়৷ সেয়েহে সর্বভাৰতীয় পর্যায়ত কিছু পৰিমাণে ছাত্র–ছাত্রীৰ নিৰাশাজনক ফল দেখা যায়৷ এই বিষয়টোৰ প্রতি লক্ষ্য ৰাখি শিক্ষা বিভাগে নিম্ন প্রাথমিক পর্যায়ত বিজ্ঞান আৰু গণিত শিক্ষা আৰম্ভ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷

You might also like