নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিমাতীঘাটৰ নাও দুৰ্ঘটনাত পীড়িতসকলক উদ্ধাৰকাৰ্যত ব্ৰতী ৫০গৰাকী সাহসী লোকক ২৫,০০০ টকাৰ চেক প্ৰদান

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ ৮ ছেপ্টেম্বৰত মাজুলীৰ নিমাতীঘাটত সংঘটিত দুৰ্ভাগ্যজনক নাও দুৰ্ঘটনাত নিঃস্বাৰ্থভাৱে পীড়িতসকলক উদ্ধাৰকাৰ্যত ব্ৰতীসকলৰ সাহসিকতাক সন্মান জনাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি মাজুলীত ৫০গৰাকী সাহসী লোকক ২৫,০০০ টকাৰ চেক প্ৰদান কৰে। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে এনে সাহসিকতাই মানৱতাৰ বাবে কাম কৰি যাবলৈ সকলোকে অনুপ্ৰাণিত কৰিব।

লগতে মুখ্যমন্ত্ৰীয়ে মাজুলীৰ ৫৯খন ৰাস মহোৎসৱ আয়োজক সমিতিক ৫০,০০০ টকাৰ বিত্তীয় সাহায্য প্ৰদান কৰে। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে অহা বছৰৰ পৰা মাজুলীৰ ৰাস মহোৎসৱক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলাই তোলাৰ ক্ষেত্ৰত চৰকাৰীভাৱে পদক্ষেপ গ্ৰহণ কৰা হ’ব।

এই অনুষ্ঠানটোত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে মন্ত্ৰীদ্বয় বিমল বৰা, পীযুষ হাজৰিকা,  আৰু সাংসদ প্ৰদান বৰুৱা।

You might also like