নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ লিটাৰ গাধৰ গাখীৰ বিক্রী হয় ৫,০০০ টকাত

🔹 কম দিনৰ ভিতৰতে কোটিপতি গুজৰাটৰ যুৱক

বিশেষ বাৰ্তা, ২২ এপ্রিল : গাধৰ গাখীৰ বিক্রী কৰি বছৰি কেইবা কোটি টকাও উপার্জন কৰিছে এজন যুৱকে৷ অবিশ্বাস্য যেন লাগিলেও এনে এক ঘটনা পোহৰলৈ আহিছে গুজৰাটত৷ যুৱকৰ নাম ধীৰেন সোলাংকী৷ সোলাংকীৰ আছে ৪২টা গাধ৷ গুজৰাটৰ পাটান জিলাৰ বাসিন্দা ধীৰেন৷ গাধৰ গাখীৰৰ ব্যৱসায় কৰি তেওঁ এতিয়া কোটিপতি৷ ধীৰেনে সংবাদ মাধ্যমক জনোৱা অনুসৰি, গাধৰ ১ লিটাৰ গাখীৰ বিক্রী হয় ৫,০০০ টকাত৷ দক্ষিণ ভাৰতৰ ৰাজ্যবোৰত গাধৰ গাখীৰৰ চাহিদা ব্যাপক৷ এই ৰাজ্যবোৰলৈ গাধৰ গাখীৰ সৰবৰাহ কৰি মাহত ২–৩ লাখ টকা উপার্জন কৰে ধীৰেনে৷ দক্ষিণ ভাৰতত গাধৰ গাখীৰৰ চাহিদা অতি বেছি বুলি জানিব পৰাৰ পিছতে বেচৰকাৰী চাকৰি বাদ দি ধীৰেনে গাধ পুহিবলৈ লৈছিল৷ ২২ লাখ টকা বিনিয়োগ কৰি ২০টা গাধ ক্রয় কৰে ধীৰেনে৷ তাৰ পিছতে এখন পাম গঢ়ি তুলি এতিয়া গাধৰ গাখীৰৰ ব্যৱসায়ৰে কোটিপতি হৈছে ধীৰেন৷

You might also like