নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলোচনালৈ আহক পৰেশ বৰুৱা

সীমাহীন সমস্যাৰে জর্জৰিত অসমখনক সংকটৰ পৰা মুক্ত কৰিব পাৰিব বুলি এসময়ত ৰাজ্যখনৰ বহু লোকে আলফাক কোলাত তুলি লৈছিল৷ সংগঠনটোৱে অনুসৰণ কৰা পন্থা সংবিধানসন্মত নাছিল বা নহয়৷ তৎসত্ত্বেও হাজাৰ হাজাৰ যুৱক–যুৱতীয়ে যোগ দি আলফাক এটা শক্তিত পৰিণত কৰিছিল৷ ৰংঘৰৰ বাকৰিত মাথোঁ কেইজনমান লোকৰ সিদ্ধান্ত, চিন্তা–চর্চাত জন্মলাভ কৰা আলফা হৈ পৰিছিল এটা বৃহৎ সংগঠন৷ কিন্তু সেই শক্তি অক্ষুণ্ণ নাথাকিল৷ এদিন সমস্যাৰ পৰা মুক্তি পথ হৈ থকা আলফা লাহে লাহে নিজেই এটা সমস্যা হৈ পৰিল৷ তাৰ পিছতো অসমৰ জনসাধাৰণে আলফাক একেবাৰে নাকচ নকৰি আলোচনাৰ মাজেৰে সমাধান হওক বুলি আশা পালি থাকিল৷ যেতিয়াই অস্ত্র ত্যাগ কৰি মূল সুঁতিলৈ উভতি আহে, তেতিয়াই এই আশা–প্রত্যাশা বৃদ্ধি পায়৷ অসমৰ চৌদিশে আলফা–চৰকাৰৰ আলোচনাক লৈ এটা বাতাৱৰণ গঢ়ি উঠে৷ কিন্তু সেই আশা নির্বাপিত হ’বলৈ বেছি সময়ো নালাগে৷ অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়াকে ধৰি সংগঠনটোৰ এটা বৃহৎ দলে অসম ভূমিত খোজ দিওঁতেও অনুৰূপ পৰিৱেশ সৃষ্টি হৈছিল৷ জনসাধাৰণে এইবাৰ কিবা এটা হ’ব বুলি দৃঢ়তাৰে বিশ্বাস কৰিবলৈ লৈছিল৷ কিন্তু কম সময়ৰ ভিতৰতে সেই বিশ্বাসৰ ভেটি খহিবলৈ ধৰে৷ আজিৰ তাৰিখত আলফা–চৰকাৰৰ আলোচনা কোনটো পর্যায়ত আছে বা সেই আলোচনাৰ পৰা অসমে কি কি পাব, তাক লৈ উদ্বিগ্ণ হৈ থকা লোকৰ সংখ্যা আঙুলিৰ মূৰত গণিব পৰা হৈছে৷
আলফাক লৈ অসমৰ জনসাধাৰণে বাৰে বাৰে আশাহত হোৱাৰ এটা অন্যতম মূল কাৰণ পৰেশ বৰুৱা৷ সংগঠনটোৰ মুখ্য সেনাধ্যক্ষৰ আঁকোৰগোজ স্থিতিৰ বাবেই প্রতিবাৰৰ আলোচনা প্রক্রিয়াই কক্ষপথ হেৰুৱাই পেলায়৷ ইয়াৰ বিপৰীতে মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই কৰিছে কি? বিদেশৰ ভূমিত আশ্রয় লৈ অসমবাসীক সশস্ত্র সংগ্রামৰ আহ্বান জনাই আহিছে৷ অসমৰ জনসাধাৰণে সেই আহ্বানলৈ সঁহাৰি দিয়া–নিদিয়াক লৈ তেওঁ মূৰ ঘমোৱা নাই৷ আলফাৰ মুখ্য সেনাধ্যক্ষগৰাকীয়ে যদি এইদৰেই অসমবাসীৰ আবেদন–আশাক উপেক্ষা কৰি থাকে, এদিন পৰেশ বৰুৱা আৰু অসমৰ মাজত আৱেগিক দূৰত্ব ইমানেই বৃদ্ধি পাব পাৰে যে অসমত তেওঁৰ নাম উচ্চাৰণ কৰা মানুহেই নোলাব৷ এটা কথা তর্কাতীতভাৱে সত্য যে অসমৰ সমস্যাৰে জর্জৰিত৷ বিগত সময়ছোৱাত এই ভূ–খণ্ডটোৰ জনসাধাৰণে নতুন দিল্লীৰ পৰা যিমান আগ্রহ, সঁহাৰি, সহায় পাব লাগিছিল, সিমানখিনি নাপালে৷ বৈষম্যৰ বলি হ’ল৷ সেই বৈষম্যই অসমত বহু সমস্যাৰ সৃষ্টি কৰিলে৷ এই কথাখিনিক কেন্দ্রীয় চৰকাৰৰ প্রতিনিধিয়েও মাজে সময়ে অসমলৈ আহি বা নতুন দিল্লীৰ পৰা কয়৷ অসমত আলফাৰ উত্থানৰো এইটো আছিল প্রধান কাৰণ৷ কিন্তু দুকুৰি বছৰীয়া পৰিক্রমাত আলফাই ইয়াক তুলি ধৰিবলৈ গৈ অসমত এটা অনাহূত পৰিৱেশ–পৰিস্থিতিৰ সৃষ্টি কৰিলে৷ সেয়ে এতিয়া আলফা নামৰ সমস্যাটো সমাধানৰ বাবে জনসাধাৰণে বিচাৰে, পৰেশ বৰুৱা শীঘ্রেই আলোচনাৰ মেজলৈ আহক৷ অসমত আৰু তেজৰ ফাকু নালাগে৷ লাগে শান্তিৰ পৰিৱেশ৷ বিগত সময়ছোৱাত পৃথিৱীখন বহু আগুৱাই গ’ল৷ ৰাজ্য হিংসা–হত্যাৰ এটা মণ্ডলতে বন্দী হৈ ৰ’ল৷ অৱশ্যে অসমত এতিয়া হিংসাৰ সেই পৰিৱেশ নাই৷ ৰাজ্যখনে নিজেই শান্তিৰ বাট এটা বিচাৰি লৈছে৷ পৰেশ বৰুৱাই এই কথাটোলৈ মন কৰিলে ভাল৷ বিশেষকৈ দৃষ্টি ৰাজখোৱাৰ আত্মসমর্পণৰ ি পছত পৰেশ বৰুৱাই সশস্ত্র সংগ্রামখনৰ কাল্পনিক জগতখনৰ পৰা যিমান সোনকালে ওলাই আহে, অসমৰ বাবে সিমানেই শুভ৷

You might also like