নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ মেলা ময়দানত কংগ্ৰেছী নেতাৰ পুত্ৰ ৰাজকীয় বিবাহৰ অভ্যৰ্থনা

বিবাহৰ এই অভ্যৰ্থনা অনুষ্ঠানটোলৈ আমন্ত্ৰণ জনোৱা হৈছিল বিজেপিকে ধৰি অন্যান্য বিৰোধী ৰাজনৈতিক দলৰ একাংশ স্থানীয় নেতাৰ উপৰি স্থানীয় সাংবাদিককে ধৰি বহু মান্যগণ্য ব্যক্তিকো

যোৱাকালি ধুবুৰীত অনুষ্ঠিত হৈছে এক চৰ্চিত বিবাহ অভ্যৰ্থনা অনুষ্ঠান। চহৰখনৰ কাষেৰে বৈ যোৱা গদাধৰ নদীৰ পাৰঘাটৰ সমীপৰ মেলা ময়দানৰ এক বিস্তীৰ্ণ অঞ্চল জুৰি আয়োজন কৰা হৈছে ৰাজসিক সেই অভ্যৰ্থনা অনুষ্ঠানটোৰ।

উল্লেখ্য যে, প্ৰতি বছৰে ধুবুৰী মেলা কমিটিৰ উদ্যোগত সেই স্থান ডোখৰতে অনুষ্ঠিত হয় “অষ্টমী মেলা”, অষ্টমী মেলাটোৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হয় বাসন্তী পূজাৰো। পিছে অষ্টমী মেলাৰ পূৰ্বেই যোৱাকালি মেলা ময়দানৰ এচোৱা বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানটোৰ বাবে সাজি-কাছি লোৱা ললে ন-ৰূপ।

যোৱাকালি দুপৰীয়াৰ পৰা গভীৰ নিশালৈ অভ্যৰ্থনা অনুষ্ঠানটোলৈ সোঁত বোৱা দেখা গ’ল আমন্ত্ৰিতৰ সোঁত; চৰাঞ্চলৰ ৰাইজৰ পৰা ধুবুৰীৰো অলেখ লোকৰ। গভীৰ নিশালৈ চলা এই অভ্যৰ্থনা অনুষ্ঠানটো আছিল কংগ্ৰেছৰ হেভীৱেট নেতা তথা দক্ষিণ শালমাৰাৰ বিধায়ক ৱাজেদ আলী চৌধুৰীৰ পুত্ৰৰ বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান।

জানিব পৰা মতে, সন্ধিয়া বিবাহৰ এই অভ্যৰ্থনা অনুষ্ঠানটোলৈ আমন্ত্ৰণ জনোৱা হৈছিল বিজেপিকে ধৰি অন্যান্য বিৰোধী ৰাজনৈতিক দলৰ একাংশ স্থানীয় নেতাৰ উপৰি স্থানীয় সাংবাদিককে ধৰি বহু মান্যগণ্য ব্যক্তিকো।

ইপিনে, নিজৰ সমষ্টি দক্ষিণ শালমাৰা (তথা সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত বীৰসিং জৰুৱা)ত আয়োজন নকৰি ধুবুৰীত অনুষ্ঠিত কৰাৰ বিষয়টো লৈ স্থানীয় একাংশ ৰাজনৈতিক বিশ্লেষক মহলে তাৎপর্যপূর্ণ বুলি আখ্যায়িত কৰিলেও ধুবুৰী চহৰৰ পাঁচমোৰৰ সমীপত প্ৰাসাদোপম গৃহ থকা বাবেই চৌধুৰীয়ে ধুবুৰীৰ মেলা ময়দানত পুত্ৰ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰিছে বুলিয়েই অনুমান কৰা হৈছে।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ১৫ ডিচেম্বৰ

You might also like