নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫২৭ ভাৰতীয় খাদ্য সামগ্রীত কর্কটৰ বাহকৰ উপস্থিতি

🔹 ইউৰোপীয় সংঘ খাদ্য সুৰক্ষাৰ প্রতিবেদন

বিশেষ বাৰ্তা, ২৮ এপ্রিল : ভাৰতৰ পৰা আমদানিকৃত ৫২৭ বিধ ভাৰতীয় খাদ্য সামগ্রীত কর্কটৰ কাৰক ৰাসায়নিকৰ উপস্থিতি ধৰা পৰিছে৷ ইউৰোপীয় সংঘ খাদ্য সুৰক্ষা কর্তৃপক্ষই ভাৰতীয় খাদ্য সামগ্রীত কর্কটৰ কাৰক ধৰা পেলোৱা বুলি দাবী কৰিছে৷ ইউৰোপীয় সংঘই প্রকাশ কৰা মতে, ভাৰতীয় মূলৰ ৫২৭ বিধ খাদ্য সামগ্রীৰ ভিতৰত অতি জনপ্রিয় স্পাইচ ব্রেণ্ড এমডিএইচ আৰু এভাৰেষ্ট মচলাও আছে৷ ভাৰতীয় খাদ্য সামগ্রীত ইথিলিন অক্সাইড নামৰ ৰাসায়নিক পদার্থ এবিধ আছে৷ যাৰ পৰিমাণ অনুমতিপ্রাপ্ত পর্যায়তকৈ অধিক৷ হংকং আৰু ছিংগাপুৰত ভাৰতীয় খাদ্যকেইবিধ নিষিদ্ধ কৰাৰ পাছত ইউৰোপীয় সংঘ খাদ্য সুৰক্ষা কর্তৃপক্ষই ভাৰতীয় খাদ্য সামগ্রী সন্দর্ভত সূক্ষ্ম নিৰীক্ষণ আৰু পর্যবেক্ষণ চলায়৷ এই নিৰীক্ষণতে খাদ্য সামগ্রীত কর্কটৰ কাৰক ৰাসায়নিকৰ উপস্থিতি ধৰা পৰে৷ উল্লেখ্য যে যোৱা ৫ এপ্রিলত চেণ্টাৰ ফৰ ফুড ছেফ্টী অৱ দ্য গভর্মেণ্ট অৱ হংকং স্পেচিয়েল এডমিনিষ্ট্রেটিভ ৰিজনে ভাৰতীয় খাদ্য সামগ্রী এমডিএইচ গ্রুপৰ তিনিটা মচলাত ইথিলিন অক্সাইডৰ উপস্থিতি ধৰা পেলায়৷ এমডিএইচ গ্রুপৰ এই তিনিটা খাদ্য সামগ্রী হৈছে মাদ্রাজ কাৰী পাউডাৰ, চম্ভাৰ মচলা পাউডাৰ আৰু কাৰী পাউডাৰ৷ ভাৰতীয় খাদ্যত হানিকাৰক ৰাসায়নিক পদার্থ লাভ কৰাৰ পাছতে ইউৰোপীয় সংঘই ভাৰতৰ পৰা আমদানিকৃত খাদ্য সামগ্রীক লৈ উদ্বিগ্ণতা প্রকাশ কৰিছে৷ মন কৰিবলগীয়া যে ইউৰোপীয় সংঘত খাদ্যত ইথিলিন অক্সাইড ব্যৱহাৰ কৰাত অনুমতি নাই৷ এনে পৰিপ্রেক্ষিতত ভাৰতীয় খাদ্যত ইথিলিন অক্সাইডৰ ব্যৱহাৰ তেওঁলোকৰ বাবে বিপজ্জনক হৈ পৰিছে৷ ইউৰোপীয় সংঘই ধৰা পেলোৱা ৫২৭বিধ ভাৰতীয় খাদ্য সামগ্রীৰ ভিতৰত ৩৩২বিধ প্রত্যক্ষভাৱে ভাৰতৰ পৰা আমদানি কৰা হয়৷ বাকীখিনি বেলেগ দেশৰ পৰা আমদানি হৈ আছে৷ ইউৰোপীয় সংঘৰ খাদ্য সুৰক্ষা কর্তৃপক্ষই বিভিন্ন খাদ্য সামগ্রীৰ পৰীক্ষণ ২০২০ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা ২০২৪ চনৰ এপ্রিললৈ কৰিছে৷ এই সময়ছোৱাত ইউৰোপীয় সংঘই ৩১৩বিধ বাদামজাতীয় আৰু তিলজাতীয়, ৬০বিধ ঔষধি আৰু মচলাযুক্ত, ৪৮বিধ ডায়েবেটিছ খাদ্য আৰু ৩৪বিধ বিভিন্ন ধৰণৰ খাদ্যৰ পৰীক্ষণ কৰে৷ এই পৰীক্ষণৰ সময়ত অধিকাংশ খাদ্য সামগ্রীতে ইথিলিন অক্সাইড ধৰা পৰে৷ ইথিলিন অক্সাইডক গ্রুপ ‘এ’ত কার্চিনোজেনৰ শাৰীত অন্তর্ভুক্ত কৰিছে ইণ্টাৰনেচনেল এজেঞ্চী ফৰ ৰিছার্চ অন কেঞ্চাৰে৷ এই কার্চিনোজেন মানৱ শৰীৰত প্রৱেশ কৰিলে কর্কটৰ কাৰক হৈ পৰে৷ ইউৰোপীয় সংঘ খাদ্য সুৰক্ষা কর্তৃপক্ষই ভাৰতীয় খাদ্য সামগ্রীত কর্কটৰ কাৰক ৰাসায়নিক ধৰা পেলোৱাৰ পাছত এই উদ্বিগ্ণতাৰ বিষয়টোক লৈ ব্যৱস্থা গ্রহণৰ পদক্ষেপ ল’ব ফুড ছেফ্টী এণ্ড ষ্টেণ্ডার্ড অথৰিটী অৱ ইণ্ডিয়া, চমুকৈ এফএছএছএআয়ে৷ ইউৰোপীয় সংঘৰ তথ্যৰ আধাৰত এফএছএছএআয়ে ভাৰতীয় ৰপ্তানিকৃত উল্লিখিত খাদ্য সামগ্রীসমূহৰ পৰীক্ষণ চলাব৷

You might also like