নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰিৱেশ সুৰক্ষা-বন্যপ্ৰাণী উদ্ধাৰ কাৰ্যৰ সৈতে জড়িত চাৰি যুৱকৰ কাহিনী

🔹 ঢকুৱাখনাত চাৰি উদ্যমী যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰ : প্ৰকৃতিৰ বাবে আপুনি কি কৰিছে?আঘাতপ্ৰাপ্ত বন্যপ্ৰাণী অথবা বন্যপক্ষীক পৰিচৰ্যাৰ পৰিতৃপ্তি আপুনি অনুভৱ কৰিছেনে? প্ৰকৃতিয়ে আমাক কেৱল দিয়ে আৰু দিয়ে। বিনিময়ত নিবিচাৰে কোনো প্ৰতিদান। পিছে সেই প্ৰকৃতিৰ বাবে আমি কি কৰিছোঁ, সেই বিষয়ত অৱলোকন কৰাটো জীৱশ্ৰেষ্ঠ হিচাপে আমাৰ দায়িত্ব আৰু কৰ্তব্য। আপুনি-মই নকৰিলেও বা কৰিবলৈ আহৰি নোপোৱাৰ অজুহাত বিচাৰিলেও ঢকুৱাখনাত প্ৰকৃতি সুৰক্ষা আৰু বন্যপ্ৰাণী প্ৰেমৰ অনন্য নিদৰ্শন অব্যাহত ৰাখিছে কেইজনমান প্ৰকৃতিপ্ৰেমী যুৱকে। তেওঁলোকৰ হাতত নাই সঞ্চিত পুঁজি কিম্বা ৰজাঘৰীয়া অনুদান। মনৰ দৃঢ়তা আৰু ৰোগাক্ৰান্ত সমাজ-সভ্যতাৰ বাবে কিবা এটা কৰাৰ অদম্য হেঁপাহ যুৱককেইজনৰ। নিজ নিজ কৰ্মক্ষেত্ৰত ব্যস্ততাৰ মাজতো প্ৰকৃতিৰ প্ৰতি দায়িত্বশীল তেওঁলোক। বিগত কেইবাবছৰ ধৰি বন্যপ্ৰাণী উদ্ধাৰ আৰু সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত নিৰৱচ্ছিন্নভাৱে কাম কৰি অহাৰ সমান্তৰালভাৱে পৰিৱেশ ৰক্ষাৰ বাবে, পৰিৱেশবিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে প্রতি মুহূর্ততে নিজকে উৎসৰ্গা কৰি আহিছে যুৱককেইজনে। ২০২২ বৰ্ষত মানস প্ৰতিম দত্ত, ধ্ৰুৱজ্যোতি চেতিয়া, ৰণ্টু চেতিয়া আৰু বিমান সন্দিকৈ নামৰ প্ৰকৃতিপ্ৰেমী যুৱককেইজনৰ সন্মিলিত প্ৰচেষ্টাত ‘পিয়’ৰ এনভাইৰনমেণ্ট ফ’ৰ ৱাইল্ড লাইফ’, চমুকৈ পু এন ফ’ ৱাইল্ড নামেৰে এটি বেচৰকাৰী প্ৰকৃতি সংগঠন গঠন কৰি সংঘবদ্ধভাৱে অঞ্চলটোৰ পৰিৱেশ সংৰক্ষণ, জৈৱ-বৈচিত্ৰ্য ৰক্ষাৰ বাবে নিজকে নিয়োজিত কৰি আহিছে। বিশেষকৈ ঢকুৱাখনা মহকুমাত বিভিন্ন সময়ত আঘাতপ্ৰাপ্ত অথবা বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা বন্যপ্ৰাণী-সৰীসৃপ উদ্ধাৰ কৰি তাৰ পৰিচৰ্যা আৰু পুনঃসংস্থাপনেৰে অনন্য দৃষ্টান্ত দেখুৱাই আহিছে যুৱকৰ দলটোৱে। ইতিমধ্যে যুৱককেইজনে বিগত সময়ত বিলুপ্তপ্ৰায় শগুন, বৰটোকোলা, ভিন্ন প্ৰজাতিৰ সৰীসৃপ, হৰিণা আদি উদ্ধাৰ কৰি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিছে। বেচৰকাৰী প্ৰকৃতি সংগঠন পু এন ফ’ ৱাইল্ডৰ সদস্যসকলৰ লগতে পশু চিকিৎসক-কৰ্মচাৰীৰ আপ্ৰাণ চেষ্টাত সুস্থ কৰি তুলিছে মৃত্যুৰ ক্ষণ গণা ছটাকৈ দুষ্প্ৰাপ্য প্ৰজাতিৰ শগুন। ঢকুৱাখনাৰ বিভিন্ন প্ৰান্তত খাদ্যত বিষক্ৰিয়া হৈ মৃত্যু হোৱা ৮টা শগুনৰ মাজৰ পৰা এই ছটা বিলুপ্তপ্ৰায় শগুনক মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰি তিনি-চাৰি দিন ধৰি পৰিচৰ্যা আৰু চিকিৎসা সেৱা আগবঢ়াই পুনৰ বনত মুকলি কৰি দিবলৈ সক্ষম হৈছে। সংগঠনটোৰ সদস্য বিমান, মানস, ধ্ৰুৱ, ৰণ্টু, ধৰ্মেশ্বৰৰ মৰম আৰু পৰিচৰ্যাত সুস্থ হৈ মুকলি হৈ উৰা মাৰিছে ৪টাকৈ ধৃতৰাজ পক্ষী, ১০টা শামুকভঙা, এটা বৰটোকোলা, ৪টা শৰালি, দুটা লক্ষ্মী ফেঁচাৰ লগতে কেইবাটাও বিভিন্ন প্ৰজাতিৰ চৰাই। আঘাতপ্ৰাপ্ত অৱস্থাত ঢকুৱাখনাৰ বিভিন্ন প্ৰান্তৰ পৰা উদ্ধাৰ কৰা হৈছিল এইসমূহ চৰাই। কেৱল চৰায়ে নহয়, যুৱককেইজনে বিভিন্ন সময়ত ৪টা কাছ, ১টা হৰিণাৰ লগতে ৪টাকৈ অজগৰ,৪০ৰো অধিক বিভিন্ন প্ৰজাতিৰ চৰাই-সাপ-সৰীসৃপ আদি উদ্ধাৰ কৰি প্ৰকৃতিৰ মাজলৈ ওভতাই পঠাবলৈ সক্ষম হৈছে ।বিশেষকৈ ঢকুৱাখনা অঞ্চলত শগুন সংৰক্ষণৰ ক্ষেত্ৰত বিশেষভাৱে কাম কৰি আহিছে সংগঠনটোৱে।

শগুন বিষয়ক প্ৰথমখন অসমীয়া গ্ৰন্থ ‘প্ৰকৃতিৰ জমাদাৰ’ প্ৰকাশ কৰাৰ লগতে সাম্প্ৰতিক সময়ত ৰাইজৰ মাজত শগুন সংৰক্ষণৰ ক্ষেত্ৰত সজাগতামূলক বাৰ্তা প্ৰেৰণ কৰিবলৈ বহুকেইটা সজাগতামূলক অনুষ্ঠানো অনুষ্ঠিত কৰি আহিছে। তেওঁলোকৰ শগুনকেন্দ্ৰিক গৱেষণা-পত্ৰও প্ৰকাশ পাইছে৷ ইয়াৰ বাহিৰেও সংগঠনটোৱে ছাত্ৰ-ছাত্ৰীৰ মাজত গ্ৰীষ্ম বন্ধত প্ৰকৃতি শিবিৰৰ জৰিয়তে পৰিৱেশ আন্দোলনক অন্য এক মাত্ৰা দিছে। ঢকুৱাখনাৰ বিভিন্ন ঠাইত প্ৰকৃতি শিবিৰ অনুষ্ঠিত কৰে, যাতে নতুন প্ৰজন্ম পৰিৱেশৰ জ্ঞানগত সংৰক্ষণৰ প্ৰতি আগ্ৰহী হৈ উঠিব পাৰে। এই প্ৰকৃতি শিবিৰসমূহত আমাৰ নতুন প্ৰজন্মক প্ৰকৃতি সম্বন্ধীয় মূল্যবোধৰ পাঠৰ লগতে কাৰ্যক্ষেত্ৰৰ জ্ঞান দিয়া হয়, যাৰ দ্বাৰা ক্ৰমাগতভাৱে প্ৰতিগৰাকী ব্যক্তি প্ৰকৃতি সুৰক্ষাৰ একোজন সেউজ সৈনিক হৈ পৰে। সম্প্ৰতি চৰকাৰীভাৱে সংগঠনটোৱে কোনো সাহায্য লাভ কৰিবলৈ সক্ষম নহ’লেও নিজৰ পকেটৰ ধন ব্যয় কৰি প্ৰকৃতি সুৰক্ষা তথা আঘাতপ্ৰাপ্ত বন্যপ্ৰাণী উদ্ধাৰৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰি আহিছে ৷ যি সময়ত নৱপ্ৰজন্মৰ একাংশই নিষিদ্ধ ড্ৰাগছ, মদ-জুৱা আদিৰ কবলত পৰি নিজৰ লগতে সমাজখনকো কলুষিত কৰি আহিছে, তেনে সময়তে প্ৰকৃতিৰ হকে স্বেচ্ছাই ওলাই অহা ‘পু এন ফ’ ৱাইল্ড’ৰ এইসকল যুৱকৰ ঐকান্তিক প্ৰচেষ্টাই নি:সন্দেহে সমাজখনৰ বাবে এক আশাৰ বতৰা কঢ়িয়াই আনিছে ৷

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like