নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰ্মসূত্ৰে অন্ধ্ৰপ্ৰদেশলৈ যোৱা টিংখাঙৰ উমাকান্ত নিৰুদ্দিষ্ট

নিয়মীয়া বাৰ্তা, ৩০ এপ্ৰিল : পুনৰ টিংখাঙৰ এজন ব্যক্তি বহিঃৰাজ্যত নিৰুদ্দিষ্ট হোৱা ঘটনাত হাহাকাৰ লাগিছে পৰিয়ালৰ মাজত। পত্নী, পুত্ৰ, বোৱাৰী, নাতিসহ এখন ভৰপূৰ সংসাৰ থকা টিংখাঙৰ ৰাজগড় আৰক্ষী চকীৰ অন্তৰ্গত ভালোকমৰা গাঁও নিৱাসী উমাকান্ত বড়া (৫৫) নামৰ লোকজন বহিঃৰাজ্যত ধন ঘটাৰ মানসেৰে অন্ধ্ৰপ্ৰদেশলৈ বুলি ৰাওনা হৈছিল। যোৱা ২০ এপ্ৰিলত একে গাঁৱৰে হৰিপ্ৰসাদ ভূমিজ আৰু কাজি নামৰ লোক দুজনৰ সৈতে ৰে’লেৰে যোৱা আটাইকেইজন নিৰ্দিষ্ট সময়ত গন্তব্যস্থান পালেগৈ বুলি পৰিয়ালৰ লোকক অৱগত কৰে লগৰকেইজনে। ২৩ এপ্ৰিলত লগৰ এজনৰ লগত যোগাযোগ হয় যদিও উমাকান্ত বৰাৰ সৈতে কথা হোৱা নাছিল । তেওঁৰ লগৰ এজনে উমাকান্ত বৰা বিয়লি কোঠাৰ পৰা ওলাই গৈ বৰ্তমানলৈকে ঘূৰি অহা নাই বুলি অৱগত কৰে। ইয়াৰ পিছৰে পৰা উমাকান্ত বৰাৰ সৈতে কোনো যোগাযোগ হোৱা নাই পৰিয়ালটোৰ। উমাকান্ত বৰাৰ নিৰুদ্দেশৰ খবৰ পোৱাৰ পিছতে পৰিয়ালটোত এতিয়া হাহাকাৰ অৱস্থা। উল্লেখ্য যে মংগল নামৰ এজন লোকে তেওঁলোকক অন্ধ্ৰপ্ৰদেশলৈ প্ৰেৰণ কৰিছিল বুলি উমাকান্তৰ পত্নী কল্পনা বড়াই জানিবলৈ দিয়ে। দিনহাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দি অহা পৰিয়ালটোৰ মুৰব্বীজন নিৰুদ্দিষ্ট হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। কোনো লোকে নিৰুদ্দিষ্ট ব্যক্তিজনৰ সন্ধান লাভ কৰিলে 93952-63365 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।
প্ৰেৰক কৃষ্ণ গগৈ
You might also like