নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইপিএলত নতুন নজিৰ মহেন্দ্র সিং ধোনীৰ

বিশেষ বাৰ্তা, ৩০ এপ্রিল : চেন্নাই ছুপাৰ কিংছৰ প্রাক্তন অধিনায়ক মহেন্দ্র সিং ধোনীয়ে দেওবাৰে আইপিএলত নতুন অভিলেখ ৰচে৷ আইপিএলৰ ইতিহাসত ১৫০খন খেলত জয়লাভ কৰা প্রথমজন ক্রিকেটাৰ হিচাপে পৰিগণিত হয় চেন্নাই ছুপাৰ কিংছৰ নায়কগৰাকী৷ দেওবাৰে ছানৰাইজার্ছ হায়দৰাবাদক পৰাস্ত কৰি ধোনীয়ে নতুন মাইলষ্টনত প্রৱেশ কৰে৷ ২০০৮ চনৰ পৰা আইপিএলত অংশগ্রহণ কৰি ধোনীয়ে এতিয়ালৈকে ২৫৯খন মেচত অংশগ্রহণ কৰিছে৷ সর্বাধিক মেচ খেলাৰ অভিলেখো তেওঁৰ হাতত আছে৷ চেন্নাই ছুপাৰ কিংছ আৰু ৰাইজিং পুনে ছুপাৰ জায়েণ্টছৰ হৈ ২৫৯খন মেচ খেলি ১৫০ ৰানত জয়ৰ সোৱাদ লাভ কৰে ধোনীয়ে৷ এই তালিকাত ধোনীৰ তালিকাত আছে ৰবীন্দ্র জাদেজা আৰু ৰোহিত শর্মা৷ চিএছকেৰ তাৰকা অলৰাউণ্ডাৰগৰাকীয়ে ১৩৩খন খেলত জয়লাভ কৰাৰ লগতে মুম্বাই ইণ্ডিয়ানছৰ প্রাক্তন অধিনায়ক ৰোহিত শর্মাও সমসংখ্যক মেচত জয়ৰ সোৱাদ লাভ কৰিছে৷ আনহাতে, ১২৫খন মেচত জয়লাভ কৰি দীনেশ কার্তিকে চতুর্থ আৰু ১২২খন মেচত জয়লাভ কৰি সুৰেশ ৰাইনাই পঞ্চম স্থানত আছে৷

You might also like