নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলোপতিত ৰাজহুৱা খেলনাও গোপনে বিক্ৰীক লৈ এজাহাৰ

নিয়মীয়া বাৰ্তা, ২২ মে’ : পোহৰলৈ আহিছে বেৰাই খেতি খোৱা কাণ্ড। কেইটামান টকাৰ বাবেই গাঁৱৰ দুজনে গোপনে বিক্ৰী কৰিলে এখন ৰাইজৰ খেলনাও | গাঁৱৰ স্বাভিমান আছিল খেলনাওখন। কেইবাখনকৈ প্ৰতিযোগিতাতো নাওখনেৰে পুৰস্কাৰ পৰ্যন্ত লাভ কৰিছিল গাঁওবাসীয়ে। হঠাৎ হ’ল খেলিমেলি। নাওখন চোৱাচিতাৰ দায়িত্ব দিয়া হৈছিল দুজনক। পিছে টকাৰ লোভত নাওখন দুয়ো বিক্ৰী কৰিলে ৰাইজৰ অগোচৰে। ৰাইজে আৰক্ষীক এজাহাৰ দিলে আৰু অভিযুক্তৰ শাস্তিৰ দাবীত সাব্যস্ত কৰিছে প্ৰতিবাদ | বৰপেটা জিলাৰ চেঙা সমষ্টিৰ আলোপতিচৰ আৰক্ষী থানাৰ অধীনস্থ পূব মাজৰচৰত সংঘটিত হৈছে এই কাণ্ড | অভিযোগ মতে, গাঁওখনৰ চল্লিশগৰাকী ব্যক্তিয়ে মিলি কেইবাবছৰ পূৰ্বে গাঁঠিৰ ধন ভাঙি সাজি উলিয়াইছিল “বৰপেটা এক্সপ্ৰেছ” নামৰ খেলনাওখন | নাওখনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নাওখেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰস্কাৰ বুটলি আনিবলৈও সক্ষম হৈছিল। চল্লিশগৰাকী লোকে সাজি উলিওৱা নাওখনৰ চোৱাচিতাৰ দায়িত্ব দিয়া হৈছিল গাঁওখনৰে চাহেব আলী আৰু জয়নাল আব্দিনক | দুয়োগৰাকীয়ে দায়িত্বভাৰ গ্ৰহণ কৰি নিজৰ নিজৰ তত্ত্বাৱধানত নাওখন ৰাখিছিল যদিও হঠাৎ নদীৰ ঘাটৰ পৰা নাওখন নোহোৱা হয়। নাওখন চাহেব আলী আৰু জয়নাল আব্দিনে গোপনে বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘটনা সন্দৰ্ভত স্থানীয় আলোপতি চৰ আৰক্ষী থানাত চাহেব আলী আৰু জয়নাল আব্দিনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে বাকীসকলে | নাও চুৰিৰ বিৰুদ্ধে গাঁওখনত সকলো একত্ৰিত হৈ “আমাৰ নাওঁ লাগিবই, নাও চোৰক গ্ৰেপ্তাৰ কৰক, আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰক, চাহেব আলী আৰু জয়নাল আব্দিনক গ্ৰেপ্তাৰ কৰক” আদি ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে | শীঘ্ৰে এজাহাৰৰ ভিত্তিত নাও বিক্ৰী কৰা ঘটনা সন্দৰ্ভত নিৰপেক্ষ তদন্ত কৰি ইয়াৰ লগত জড়িতসকলক শাস্তিৰ দিহা কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে ৰাইজে ।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like