নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনিশ্চয়তাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৩৪৬ অস্থায়ী কৰ্মচাৰীৰ চাকৰি

🔹 চাকৰি নিয়মীয়াকৰণৰ দাবী 

বাৰ্তা ব্যুৰ,  ৮ ফেব্ৰুৱাৰী : ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত যোৱা ১৫-১৬ বছৰে ৩৪৬গৰাকী কৰ্মচাৰীয়ে বিআৰচিচি (BRCC) আৰু চিআৰচিচি (CRCC) হিচাপে কাম কৰি থকাৰ পাছতো চাকৰি নিয়মীয়াকৰণ নোহোৱাত অনিশ্চয়তাত দিন অতিবাহিত কৰিবলগীয়া হৈছে। সদৌ অসম পানী আৰু অনাময় কৰ্মচাৰী সন্থাই সংবাদ মাধ্যমলৈ দিয়া এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰে যে জনস্বাস্থ্য কাৰিকৰী বিভাগত কৰ্মৰত বিআৰচিচি (BRCC) আৰু চিআৰচিচি (CRCC)সকলে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিভিন্ন গুৰুত্বপূৰ্ণ আঁচনি সফল কৰাৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰি আহিছে । শেহতীয়াকৈ জল জীৱন আঁচনিখনত এইসকল বিআৰচিচি (BRCC) আৰু চিআৰচিচিক (CRCC) নতুনকৈ চিডব্লিউচি (CWC) নামেৰে নামকৰণ কৰি ১৬,৫০০ টকা মাহিলি দৰমহা আৰু টিএ ২৫০০ টকা দি থকা হৈছে । কিন্তু পৰিতাপৰ বিষয় যে আজিৰ এই দামবৃদ্ধিৰ সময়ত এইখিনি টকাৰে চলা যথেষ্ট কঠিন হৈ পৰিছে যদিও বিভাগীয় কাম-কাজসমূহ নিয়াৰিকৈ কৰি আছে । বিভিন্ন সময়ত বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত তেওঁলোকৰ দৰমহা বৃদ্ধি, আন আন বিভাগৰ কৰ্মচাৰীসকলৰ দৰে বিভিন্ন আঁচনিৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এইসকল কৰ্মচাৰীৰ কাৰ্য্যকাল ৬০ বছৰ কৰা, স্বাস্থ্য বীমা আদিকে ধৰি সকলো সা-সুবিধা দিয়াৰ বাবে বহুবাৰ আবেদন কৰিও একো সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই । এতিয়া ২০২৪ চনত জল জীৱন আঁচনি শেষ হ’লে তেওঁলোকৰ ভৱিষ্যত কি হ’ব, তাক লৈ চিন্তাত পৰিছে, যিহেতু অধিকসংখ্যকৰে বয়স এতিয়া ৪০-৫০ বছৰৰ ওপৰত । সেয়েহে সদৌ অসম পানী আৰু অনাময় কৰ্মচাৰী সন্থাই অসমৰ মুখ্যমন্ত্ৰী আৰু বিভাগীয় মন্ত্ৰীৰ ওচৰত তেওঁলোকৰো অন্য বিভাগসমূহৰ দৰে ৬০ বছৰ কাৰ্যকাল কৰাৰ লগতে অন্যান্য সুবিধাসমূহো প্ৰদান কৰি চাকৰি নিশ্চিত কৰাৰ দাবী উত্থাপন কৰিছে ।

প্ৰেৰক উদিত নাৰায়ণ কলিতা

You might also like