নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিমলীতোলাত কালী মন্দিৰত নিশা দুষ্কৃতিকাৰীৰ তাণ্ডৱ

 🔴 দুষ্কৃতিকাৰীৰ ঈশ্বৰভীতি ! থৈ গ’ল দহ টকা, লৈ গ’ল সোণ-ৰূপৰ অলংকাৰ

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চ : গোৱালপাৰা জিলাৰ শিমলীতোলা আৰক্ষী চকীৰ অন্তৰ্গত শিমলীতোলা টিলাপাৰাত নিশা চোৰৰ তাণ্ডৱ। দুষ্কৃতিকাৰীয়ে ভাঙিলে মা কালী আৰু জাগুনি মূৰ্তিৰ হাত। দহ টকা দি পূজা কৰি লুটি নিলে মন্দিৰৰ সমস্ত সামগ্ৰী। থৈ গ’ল দহ টকা, লৈ গ’ল মাৰ বেদীত থকা ধন, সোণ-ৰূপৰ বিভিন্ন গহনা। টিলাপাৰা গাঁৱৰ ৰাজহুৱা মা কালী মন্দিৰৰ ভিতৰত দুষ্কৃতিকাৰীয়ে সোমাই এৰি থৈ গ’ল এপাত চেণ্ডেল, ঘটৰ ওপৰত থকা গামোচা পিন্ধাই থৈ গ’ল দেৱী প্ৰতিমাত। তাতো ক্ষান্ত নাথাকি চোৰে মুঁচৰি ভাঙিলে দেৱী প্ৰতিমাৰ হাত আৰু সোণ-ৰূপৰ ফুলি আৰু দানৰ টকাবোৰো লৈ যায় চোৰে | ঘটনাটোক কেন্দ্ৰ কৰি চাঞ্চল্য বিয়পে গাঁওখনত। ইতিমধ্যে এই তাণ্ডৱ সন্দৰ্ভত আৰক্ষীৰ কাষ চপাৰ সিদ্ধান্ত লৈছে গাঁওবাসীয়ে। সকলোৱে দোষীক দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী জনাইছে | প্ৰশ্ন হয়- কোনে আৰু কিহৰ বাবে ৰাজহুৱা মন্দিৰত চলালে এনে দুষ্কাৰ্য ? আৰক্ষীয়ে বিচাৰি পাবনে এই কাণ্ডত জড়িতসকলক ?

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like