নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬ এপ্রিলত আৰচিবিৰ বিৰুদ্ধে ‘পিংক প্র’মিছ’ মেচ ৰাজস্থানৰ

🔹 সামাজিক বাধাৰ মাজতো মহিলা সবলীকৰণৰ যাত্রাত সফল হোৱা নাৰীলৈ সন্মান
বিশেষ বাৰ্তা, ২৯ মার্চ : ৰাজস্থান ৰয়েলছে চলিত আইপিএলৰ অহা ছয় এপ্রিলত ৰয়েল চেলেঞ্জার্ছৰ বিৰুদ্ধে জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত তেওঁলোকৰ বহু প্রত্যাশিত ‘পিংক প্র’মিছ’ মেচখন খেলিব৷ ইতিমধ্যে এই মেচৰ টিকট অনলাইনত মুকলি কৰা হৈছে আৰু অনুৰাগীৰ আশাপ্রদ সঁহাৰিও পোৱা গৈছে৷ উল্লেখ্য যে ‘পিংক প্র’মিছ’ মেচৰ লক্ষ্য হৈছে মহিলা সবলীকৰণ৷ এই মেচখনত ৰয়েলছে বিশেষ অল–পিংক মেচডে কিট পিন্ধিব৷ দলটোৰ লক্ষ্য হ’ল ৰাজস্থানৰ গ্রাম্য অঞ্চলৰ সেইসকল মহিলাক সমর্থন কৰা, যিয়ে প্রেৰণা হৈ সমাজ পৰিৱর্তনত গুৰুত্বপূর্ণ ভূমিকা লৈছে, লগতে নিজকে শক্তিশালী মহিলা হিচাপে প্রতিষ্ঠা কৰিছে৷ ৰাজস্থান ৰয়েলছে এই মেচৰ বাবে ক্রয় কৰা প্রতিটো টিকটত ৰাজস্থানৰ মহিলা নেতৃত্বাধীন গ্রাম্য ৰূপান্তৰৰ বাবে এশ টকাকৈ দান কৰিব৷ ইয়াৰ পূর্বে ৰয়েলছে এয়াও ঘোষণা কৰিছে যে প্রতিটো অল পিংক ৰয়েলছৰ জার্ছী বিক্রীৰ পৰা পোৱা সকলো ধন ছ’চিয়েল ইকুইটী আর্মী–ৰয়েল ৰাজস্থান ফাউণ্ডেচনক দিয়া হ’ব৷ সেয়ে ৰাজস্থান ৰয়েলছে দলটোৰ সকলো অনুৰাগীক ৰাজস্থান তথা সমগ্র ভাৰতত ইতিবাচক গ্রাম্য ৰূপান্তৰৰ দিশত অবিৰত যাত্রাৰে আগুৱাই যোৱা ক্ষমতাশালী মহিলাসকলক চেলুট আৰু সমর্থন কৰাৰ বাবে এই মেচলৈ আমন্ত্রণ জনাহছে ৷ এই খেলখনত অংশগ্রহণ কৰা দর্শকে বিশেষ দিনত উপস্থিত থাকি ফাউণ্ডেচনৰ কাম–কাজৰ বিষয়ে সজাগতা সৃষ্টিৰ লক্ষ্যৰে কৰা বিভিন্ন কার্যসূচীৰ বাস্তৱিক প্রতিফলন চোৱাৰো সুযোগ পাব৷ বিশেষ মেচখনত ৰাজস্থান ৰয়েলছে অল পিংক মেচডে কিট পৰিধান কৰি ৰাজস্থানৰ সাংস্কৃতিক পৰম্পৰাৰ চিনাকি গোলাপী ৰঙৰে মহিলাসকলৰ শক্তি আৰু ধৈর্যক প্রতিফলিত কৰে৷ এই সজীৱ ৰং পিন্ধি দলটোৱে ৰাজস্থানৰ মহিলাসকলৰ অদম্য মনোভাবক গৌৰৱেৰে উদযাপন কৰিছে, লগতে সামাজিক পৰিৱর্তন আৰু প্রগতিৰ ক্ষেত্রত তেওঁলোকৰ গুৰুত্বপূর্ণ ভূমিকাক সন্মানৰে চিহ্ণিত কৰে৷ এইবাৰ ৰয়েলছে কিছুমান মহিলা হিতাধিকাৰীৰ অবিশ্বাস্য যাত্রাৰ ওপৰতো দৃষ্টি নিবদ্ধ কৰাৰ সিদ্ধান্ত লৈছে আৰু লাখ লাখ দর্শকৰ সন্মুখত তেওঁলোকৰ কঠোৰ পৰিশ্রমক চেলুট জনাবলৈ এই বিশেষ জার্ছীৰ ডিজাইনত তেওঁলোকৰ নাম খোদিত কৰিছে৷ স্মর্তব্য যে এই মহিলাসকলে সৌৰশক্তি আৰু পানী সংৰক্ষণৰ ব্যৱহাৰৰ দিশত উল্লেখযোগ্য পৰিৱর্তনত অৰিহণা যোগাই স্থানীয় নায়ক হিচাপে আত্মপ্রকাশ কৰিছে৷ প্রতিটো নামেই সাহস, অধ্যৱসায় আৰু প্রতিকূলতাৰ ওপৰত জয়লাভৰ এটা এটা অনন্য কাহিনী৷

You might also like