নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰেশ বৰুৱাৰে আলোচনা হ’লেহে আলফা সমস্যাৰ স্থায়ী সমাধান সম্ভৱ

🔹 ‘নিয়মীয়া বার্তা’ৰে সাক্ষাৎকাৰত ৰাণা প্রতাপ কলিতা

বিশেষ বাৰ্তা, ১৬ মার্চ : লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্রাপ্ত) ৰাণা প্রতাপ কলিতাৰ প্রসংগ নতুনকৈ অৱতাৰণা কৰাৰ প্রয়োজন নাই৷ দীর্ঘ চাৰি দশককাল এইগৰাকী অসম সন্তানে ভাৰতীয় সেনা বাহিনীত সেৱা আগবঢ়াই শেহতীয়াকৈ তেওঁ ইষ্টার্ন কমাণ্ডৰ মুৰব্বী হিচাপে অৱসৰ গ্রহণ কৰিছে৷ ‘নিয়মীয়া বার্তা’ৰে হোৱা সুদীর্ঘ সাক্ষাৎকাৰৰ সাম্প্রতিক প্রেক্ষাপটৰ বিভিন্ন প্রসংগত গুৰুত্বপূর্ণ মত ব্যক্ত কৰিছে লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্রাপ্ত) কলিতাই৷ ইয়াৰ ভিতৰত আলফা সমস্যাটো অন্যতম৷ সশস্ত্র সংগঠনটোৰ আলোচনাপন্থী গোট আৰু চৰকাৰৰ মাজত ইতিমধ্যে ত্রিপাক্ষিক চুক্তি সম্পন্ন হৈছে৷ পিছে পৰেশ বৰুৱাৰ নেতৃত্বত এতিয়াও আনটো গোট  আলফা (স্বাধীন) বর্তমানো সার্বভৌমত্বৰ চর্তত অটল৷ এনে অৱস্থাত আলফা সমস্যাৰ স্থায়ী সমাধান কিদৰে সম্ভৱ? এই প্রশ্ণটোৰ উত্তৰত নিজস্ব দৃষ্টিভংগী দাঙি ধৰি লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্রাপ্ত) কলিতাই কয়– ‘আলফাৰ অধিকাংশ নেতা আৰু সদস্য আলোচনা প্রক্রিয়াত জড়িত হৈছে৷ এয়া এক বৃহৎ সাফল্য বুলি ক’ব পাৰি৷ কিন্তু পৰেশ বৰুৱা নেতৃত্বাধীন আলফা (স্বাধীন)ৰ সৈতে আলোচনা হ’লেহে মূল সমস্যাটোৰ স্থায়ী সমাধান সম্ভৱ হ’ব৷ ম্যানমাৰত পৰেশ বৰুৱাৰ নেতৃত্বত থকা গোটটো সৰু৷ কিন্তু মূল সমস্যাটোৰ স্থায়ী মীমাংসা কৰিবলৈ হ’লে পৰেশ বৰুৱা গোটৰ সৈতেও আলোচনা কৰাৰ প্রয়োজন৷’

You might also like