নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ গীতা মন্দিৰৰ ইক’ ছেনছিটিভ জ’নত অবাধ পাহাৰ খনন

🔹 নাৰেংগী খণ্ড বন বিষয়াৰ ছত্রছায়াত দুষ্কার্য
🔹 জেচিবি–ফকলেণ্ড লগাই দিনে–নিশাই কাটিছে ৰঙা মাটি

বিশেষ বাৰ্তা, ২০ মার্চ : অবাধে সেউজ আৱৰণ ধ্বংসই সাংঘাতিক ধৰণে বিৰূপ প্রভাৱ পেলাইছে পৰিৱেশৰ ওপৰত৷ ছুইছ সংস্থা ‘আইকিউএয়াৰ’–এ ১৩৪খন দেশক সামৰি চলোৱা জৰীপৰ অন্তত প্রকাশ কৰা ‘ৱর্ল্ড এয়াৰ কোৱালিটী ৰিপ’ৰ্ট–২০২৩’ত গুৱাহাটী বিশ্বৰ দ্বিতীয় সর্বাধিক বায়ু প্রদূষিত চহৰ হিচাপে চিহ্ণিত হোৱাৰ সময়তে মহানগৰীখনত পাহাৰ খননৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ প্রশাসনৰ বাধা–নিষেধাজ্ঞাক অংগুষ্ঠ দেখুৱাই গীতা মন্দিৰৰ সমীপৱর্তী ইক’ ছেনছিটিভ জ’নৰ অন্তর্গত এলেকাত চলোৱা হৈছে পাহাৰ খনন৷ অভিযোগ অনুসৰি খোদ এজন বন বিষয়াৰ প্রত্যক্ষ ছত্রছায়াতে এনেকৈ দুষ্কার্য সংঘটিত হৈছে৷ এই বিতর্কিত বন বিষয়াজন হ’ল নাৰেংগী খণ্ড বন বিষয়া (বিট অফিচাৰ) অসীম দাস৷ পূর্বতে বিভিন্ন দুর্নীতি–অনিয়মৰ সৈতে নাম সাঙোৰ খোৱা অসীম দাসৰ আশীর্বাদপুষ্ট হৈ জনৈক বিল্ডাৰে ইক’ ছেনছিটিভ জ’নৰ অন্তর্গত এলেকাটোত বিগত কিছুদিন ধৰি দিনে–নিশাই জেচিবি–ফকলেণ্ড লগাই পাহাৰৰ ৰঙা মাটি কাটি আছে৷ বন বিষয়া হিচাপে অসীম দাসে পৰিৱেশ বিঘ্নিত কৰা এনে কার্যত বাধা দিয়াটো দায়িত্ব আছিল৷ কিন্তু সংশ্লিষ্ট বিল্ডাৰৰ পৰা মোটা অংকৰ ধন লাভ কৰি বন বিষয়াজনে এনে দুষ্কার্যত হাত উজান দিয়া বুলি অভিযোগত প্রকাশ৷ আটাইতকৈ গুৰুত্বপূর্ণ বিষয়টো হ’ল এইক্ষেত্রত সম্পূর্ণ নীৰৱ ভূমিকা গ্রহণ কৰিছে পূব কামৰূপ বন সংমণ্ডল আৰু গুৱাহাটী আঞ্চলিক বন বিষয়াৰ কার্যালয়েও৷ বিশেষকৈ গুৱাহাটী আঞ্চলিক বন বিষয়া প্রাঞ্জল বৰুৱাই কমিছনৰ অংকতে নাৰেংগী খণ্ড বন বিষয়া অসীম দাসক ভিতৰি ভিতৰি সহযোগিতা আগবঢ়োৱাৰ অভিযোগ উঠিছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে অবৈধভাৱে পাহাৰ খনন কৰাৰ ফলত পূর্বতে ৰঙামাটিয়ে অঞ্চলটোৰ মূল পথত কৃত্রিম বানৰ সৃষ্টি কৰাৰ অভিযোগ উঠিছিল৷ তাৰ পাছতো নাৰেংগী খণ্ড বন বিষয়া অসীম দাসৰ আশীর্বাদ লাভ কৰি বিল্ডাৰে পুনৰ আৰম্ভ কৰিছে পাহাৰ খনন৷ এনে অৱস্থাত সমগ্র বিষয়টোত বন বিভাগৰ ঊর্ধ্বতন কর্তৃপক্ষৰ হস্তক্ষেপৰ দাবী উঠিছে৷ মন কৰিবলগীয়া যে দীর্ঘসময় ধৰি নাৰেংগী খণ্ড বন বিষয়া হিচাপে কার্যনির্বাহ কৰি থকা অসীম দাসক কিছু বছৰ পূর্বে বিভাগীয়ভাৱে হাইলাকান্দিলৈ বদলি কৰা হৈছিল৷ কিন্তু বদলিৰ নির্দেশনা কার্যকৰী নহ’ল৷ বৰঞ্চ বিতর্কিত বন বিষয়াজনে পূর্বৰ স্থানতে কর্তব্যত বাহাল থাকি এতিয়া নাৰেংগী বন খণ্ডত কার্যতঃ একছত্রী সম্রাট হৈ পৰিছে৷ পৰিৱেশ বিঘ্নিত কৰা কার্যত হাত উজান দিয়া এনে দুষ্কার্যৰ বিৰুদ্ধে ঊর্ধ্বতন কর্তৃপক্ষই কেনেধৰণৰ পদক্ষেপ গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like