নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহিলাক পিষ্টল দেখুৱাই লুটি নিলে নগদ ধন-সোণৰ অলংকাৰ

🔹 গোৱৰাদলত চাঞ্চল্যকৰ ডকাইতি কাণ্ড
নিয়মীয়া বাৰ্তা, ৪ মাৰ্চ : নলবাৰী জিলাৰ গোৱৰাদল গাঁৱৰ এটি পৰিয়ালত কালি নিশা সংঘটিত এটি চাঞ্চল্যকৰ ডকাইতিৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য মতে, কালি নিশা প্ৰায় ৮.৩০ বজাত গোৱৰাদল গাঁৱৰ পদ্মপাৰা চুবুৰিৰ কমলেশ্বৰ বৰ্মনৰ ঘৰত মুখত ক’লা কাপোৰ বন্ধা চাৰিজনীয়া ডকাইতৰ এটি দলে প্ৰৱেশ কৰি কমলেশ্বৰ বৰ্মনৰ পত্নী পদুমী বৰ্মনক ঘৰৰ আলমিৰাৰ চাবি বিচাৰে৷ প্ৰথমে তেওঁ চাবি দিবলৈ অমান্তি হোৱাত তেওঁক মাৰধৰ কৰে আৰু মূৰত পিষ্টল লগাই দিয়ে৷ পিছত তেওঁ আলমিৰাৰ চাবি উলিয়াই দিয়াত ঘৰৰ বয়বস্তু লণ্ডভণ্ড কৰি সোণৰ আা-অলংকাৰৰ লগতে নগদ আঢ়ৈ লাখ টকা লৈ যায় ৷ আনকি ডকাইতৰ দলটোৱে পদুমী বৰ্মনে পিন্ধি থকা সোণৰ অলংকাৰো খুলি লৈ যায়৷ ঘটনা সংঘটিত কৰি ডকাইটৰ দলটোৱে ঘৰৰ পিছফালৰ দৰ্জাৰে ওলাই যায়৷ পিছত ঘৰৰ গৰাকীয়ে চিঞৰ-বাখৰ লগোৱাত ওচৰ-চুবুৰীয়াই তেওঁলোকৰ ঘৰত উপস্থিত হৈ ঘৰৰ সামগ্ৰী তচনচ হৈ থকা প্ৰত্যক্ষ কৰি হতবাক হৈ পৰে৷ উল্লেখ্য যে ঘটনা সংঘটিত হোৱাৰ সময়ত কমলেশ্বৰ বৰ্মনে ওচৰৰে এঘৰৰ সত্যনাৰায়ণ পূজালৈ গৈছিল৷ পিছত তেওঁ ঘৰলৈ আহি হতবাক হৈ পৰে৷ লগে লগে ঘটনাস্থলীত উপস্থিত হোৱা সাংবাদিকে আৰক্ষীক খবৰ দিয়াত টিহু থানাৰ আৰক্ষী বিষয়া পৱন কলিতাৰ নেতৃত্বত অহা আৰক্ষীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷ ঘৰৰ গৰাকী কমলেশ্বৰ বৰ্মনে আৰক্ষীৰ আগত জীয়ৰীৰ বিয়াৰ বাবে ৰখা সাঁচতীয়া ধন আৰু অলংকাৰ ডকাইতে লৈ যোৱা বুলি অৱগত কৰে৷ আনফালে, নিশা ডকাইতৰ দলে পিষ্টল দেখুৱাই ঘৰৰ গৃহস্থক মাৰধৰ কৰি এনেদৰে লুটপাত চলাই নগদ ধন আৰু সোণৰ আ-অলংকাৰ চুৰি কৰি নিয়াত অঞ্চলবাসী ৰাইজ হতবাক হৈ পৰিছে৷ আনহাতে, স্থানীয় ৰাইজে শীঘ্ৰে দুৰ্বৃত্তক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি বিহিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে৷
প্ৰেৰক শৈলেন বৰ্মন
You might also like