নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এয়াও অসমৰে শিক্ষানুষ্ঠান : শ্ৰেণী ৫টা, শিক্ষক ২গৰাকী, ৰান্ধনি ২জন, শিক্ষাৰ্থীহে মাত্ৰ ৭গৰাকী

অসমৰ শিক্ষানুষ্ঠান : শিক্ষা বিভাগত নজিৰবিহীন কাণ্ড। পাঁচটাকৈ শ্ৰেণীত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা মাত্ৰ ৭, শিক্ষক ২, মধ্যাহ্ন ভোজনৰ ৰান্ধনীও ২গৰাকী। গোৱালপাৰাৰ মাটিয়া প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত গাৰোমাৰী হীৰাপাৰা প্ৰাঃ বিদ্যালয়ত পোহৰলৈ আহিছে এই আজৱ কাণ্ড।

এফালে চৰকাৰী বিদ্যালয়ত নামভৰ্ত্তিৰ হেতাওপৰাৰ খৱৰ, সমান্তৰালকৈ আকৌ একাংশ বিদ্যালয়ত চলিছে শিক্ষণৰ ভেল্কীবাজি। গাৰোমাৰী হীৰাপাৰা প্ৰাঃ বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নতমানৰ, শিক্ষক দুগৰাকী, পিছে শিক্ষাৰ্থী মাত্ৰ ৭জন।

মাজে-সময়ে হেনো ৩-৪ জনহে উপস্থিত থাকে শ্ৰেণীত! একেটা শ্ৰেণীকোঠাতেই বহিছে ভিন্ন শ্ৰেণীৰ সাত ছাত্ৰ-ছাত্ৰী, ৪ৰ্থ মানৰ এজনো নাই, পিছে সাত শিক্ষাৰ্থীৰ বিপৰীতে মধ্যাহ্ন ভোজনৰ ৰান্ধনীও দুগৰাকী।

বিদ্যালয়খনত বিগত দুবছৰে এনে অস্থিৰতা অব্যাহত থকা বুলি উল্লেখ কৰে খোদ বিদ্যালয়খনৰ সহ শিক্ষকগৰাকীয়ে। সম্প্ৰতি শিক্ষা সেতু এপ’ৰ যোগেদি ডাঁৰৰ খতিয়ান ডাঁৰে পায় সংশ্লিষ্ট বিভাগে, তদুপৰি গুণোৎসৱতো আছেই । তৎস্বত্বেও বিদ্যালয় খনত হেনো বিগত দুবছৰে শিক্ষাৰ্থীৰ অভাৱ!

শিক্ষক, শিক্ষাৰ্থী, ৰান্ধনীৰ অনুপাতৰ সামঞ্জস্য নাই, এক কথাত বিদ্যালয়খনত যেন চলিছে শিক্ষণৰ বহুৱালিহে! প্ৰশ্ন হয়- বিদ্যালয়খনৰ এনে তলি উদং কাণ্ড ফাদিল হোৱাত গা লৰিবনে বিয়াগোম শিক্ষা বিভাগৰ?

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ৫ আগষ্ট

You might also like