নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ গাঁৱে গাঁৱে নকল কাঁহৰ সামগ্ৰী বিক্ৰী অসাধু ব্যৱসায়ীৰ

আপুনি নিজৰ ঘৰৰ বাবে বা আনক উপহাৰ দিবৰ বাবে মূল্যৱান কাঁহৰ সামগ্ৰী কিনিছে নেকি ? অথবা পুৰণি কাঁহৰ সামগ্ৰী বদলি কৰি লৈছে নেকি নতুন কাঁহৰ সামগ্ৰী ? যদি কাঁহৰ সামগ্ৰী কিনি লৈছে নাইবা পুৰণি সামগ্ৰীৰ বদলি দি নতুন কাঁহৰ সামগ্ৰী লৈছে তেন্তে অলপ পৰীক্ষা-নিৰীক্ষা কৰি ল’ব।

এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গাঁওবোৰত নকল কাঁহৰ সামগ্ৰীৰ বেপাৰত নামি পৰিছে একাংশ অসাধু ব্যৱসায়ী। এই ব্যৱসায়ীসকলে প্ৰকৃত কাঁহৰ মূল্যতকৈও কিছু ৰেহাই মূল্যত পিতলৰ সামগ্ৰীৰ ওপৰতে কাঁহৰ এক প্ৰলেপ দি প্ৰকৃত কাঁহৰ সামগ্ৰী বুলি বিক্ৰী কৰি সৰ্বসাধাৰণ ৰাইজক ৰামঠগন দিয়াৰ তথ্য পোহৰলৈ আহিছে। দেখাত হুবহু প্ৰকৃত কাঁহৰ দৰেই এই নকল কাঁহৰ সামগ্ৰীবোৰৰ তিৰবিৰণি বেছি আৰু ওজন প্ৰকৃত কাঁহৰ সামগ্ৰীতকৈ কিছু পাতল হয়। সদৌ অসম আহোম সভাৰ সভাৰ লখিমপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক সুৰজ বৰুৱাৰ তৎপৰতাত এই নকল কাঁহৰ ব্যৱসায়ী চক্ৰটোৰ তথ্য পোহৰলৈ আহিছে।

সংগঠনটোৱে ঢকুৱাখনাত শেহতীয়াকৈ সন্দেহবশত: আটক কৰি সোধা-পোছা চলোৱাত গাঁৱে গাঁৱে ঘূৰি ফুৰি নকল কাঁহৰ সামগ্ৰী বিক্ৰী কৰা দুগৰাকী ব্যৱসায়ীয়ে স্বীকাৰ কৰিছে নকল কাঁহৰ এই ব্যৱসায়ৰ কথা। সৰ্বসাধাৰণ ৰাইজক ৰামঠগন দি ব্যৱসায় চলাই মুনাফা অৰ্জন কৰা এই অসাধু ব্যৱসায়ী চক্ৰটোৰ বিৰুদ্ধে চৰকাৰে বা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়।

বিশেষ বাৰ্তা, ঢকুৱাখনা, ১৫ জানুৱাৰী :

You might also like