নিয়মীয়া বাৰ্তা, ৯ অক্টোবৰঃ ৰাজ্য কঁপাই যোৱা SI কেলেংকাৰিৰ সন্দৰ্ভত বঙাইগাঁৱৰ পৰা ৩ জনকৈ আৰক্ষীৰ লোকক গ্ৰেপ্তাৰ কৰা হৈছে। অসম আৰক্ষীৰ বিশেষ শাখাই গ্ৰেপ্তাৰ কৰে আটাইকে। গ্ৰেপ্তাৰ হোৱা লোককেইজন গেৰুকাবাৰী আৰক্ষী চকীৰ OC প্ৰীতম দাস আৰু দুজন কনিষ্টবলক গ্ৰেপ্তাৰ কৰা হৈছে। এই লোককেইজন SI কেলেংকাৰিত কেনেকৈ জড়িত সেই সন্দৰ্ভত বৰ্তমানলৈ একো তথ্য পোহৰলৈ অহা নাই যদিও সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
আনহাতে আন এজন অভিযুক্ত সৰোজ শৰ্মা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। প্ৰাক্তন DIG প্ৰশান্ত কুমাৰ দত্তৰ মন্তব্যৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোকজনক।
এই বিয়াগোম কেলেংকাৰীত জড়িত আৰু বহুকেইজন জালত পৰিব বুলি আশংকা কৰা হৈছে।
উল্লেখ্য যে গ্ৰেপ্তাৰ হোৱা সৰোজ অক্ষয় টেলিকমিউনিকেছনৰ সৈতে জড়িত আছিল যিটো কোম্পানীয়ে পৰীক্ষাৰ প্ৰশ্নকাকত ছপা কৰাৰ ঠিকা লাভ কৰিছিল।