নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কমিউনিষ্ট কমলা হেৰিছে এমাহতে ক্ষমতাহীন কৰিব বিডেনকঃ ড’নাল্ড ট্ৰাম্প

নিয়মীয়া বাৰ্তা, ৯ অক্টোবৰঃ আমেৰিকাৰ নিৰ্বাচনৰ দিন চমু চাপি আহিছে। এনে সময়তে বাদ বিবাদে পাইছে চৰম পৰ্যায়। মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰে প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী জো বিডেনৰ প্ৰথমটো বিতৰ্ক শেষ হোৱাৰ পিছতে ট্ৰাম্প ক’ৰোনা ভাইৰাছত ভোগাত কিছু স্থৱিৰ হৈছে যদিও টুইটাৰযোগে চলি আছে ইজনে সিজনক কৰা টিপ্পনীৰ জোৱাৰ।

কালি ট্ৰাম্পে টুইটাৰযোগে জো বিডেনক টিপ্পনী মাৰি কয় যে তেওঁৰ জনপ্ৰিয়তা দেখি জো বিডেনে ভয় খাইছে। আনহাতে এক সাক্ষাতকাৰত ট্ৰাম্পে কমলা হেৰিছক কমিউনিষ্ট আখ্যা দিয়ে। ট্ৰাম্পৰ মতে যদি জো বিডেন নিৰ্বাচনত জয়ী হয়ো তেন্তে এমাহৰ ভিতৰতে কমিউনিষ্ট কমলা হেৰিছে শাসন ক্ষমতা নিজৰ কব্জালৈ লৈ যাব।

জো বিডেনে ইয়াকে লৈ ট্ৰাম্পক কটাক্ষ কৰি কয় যে ট্ৰাম্পৰ কথাত বন্যতাৰ গোন্ধ পোৱা যায় আৰু প্ৰায়েই উচটনিমূলক। অলপতে উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কমলা হেৰিছ আৰু উপ-ৰাষ্ট্ৰপতি মাইক হেন্সৰ বাকযুদ্ধও তুংগত উঠা দেখা গৈছিল দেশখনত।

উল্লেখ্য, ড’নাল্ড ট্ৰাম্পে ১৫ অক্টোবৰত হ’ব লগা দ্বিতীয়খন প্ৰেছিডেন্সিয়েল বিতৰ্কৰ বাবে সম্পূৰ্ণৰূপে উপযুক্ত বুলি ঘোষণা কৰাৰ সময়তে ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী জো বিডেনে এতিয়াও দ্বিতীয় বিতৰ্কত ক’ৰোনাৰ বাবে ট্ৰাম্পৰ উপস্থিতিক লৈ সন্দেহ প্ৰকাশ কৰি আছে।

You might also like