নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেঘালয়ত অসমৰ তিনি যুৱকক হত্যা : দুধনৈত প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিল : মেঘায়লৰ পূব গাৰো পাহাৰ জিলাৰ ওৱাগাচিত যোৱা ১৬ এপ্ৰিলত অসমৰ ৩ যুৱকক জীৱন্তে জ্বলাই হত্যা কৰাৰ প্ৰতিবাদত আজি দুধনৈৰ ডামৰাত অসম-মেঘালয় সংযোগী ২১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত গোৱালপাৰা জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সভাপতি আনিমুল হক চৌধুৰীৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ অসম-মেঘালয় সংযোগী ৰাষ্ট্ৰীয় পথত ছাত্ৰ সংগঠনটোৰ শতাধিক নেতা-কৰ্মীয়ে এই হত্যাকাণ্ডৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰীসকলে “হত্যাকাৰীক গ্ৰেপ্তাৰ কৰক”, “মেঘালয় চৰকাৰ হায় হায়”, “মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা হায় হায়”, “মেঘালয়ত অসমীয়াক অত্যাচাৰ কৰা বন্ধ কৰক”, “মেঘালয়ত অসমীয়াক নিৰাপত্তা দিয়ক” আদি শ্লোগানেৰে উত্তাল কৰে ২১৭নং ৰাষ্ট্ৰীয় ঘাইপথ l সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ কেন্দ্ৰীয় কমিটীৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ ৰেজাউল কৰিম সৰকাৰে এই অমানৱীয় ঘটনাত আশ্চৰ্য প্ৰকাশ কৰাৰ লগতে নিন্দা আৰু গৰিহণা দিয়ে৷ আমছুৰ কেন্দ্ৰীয় কমিটীৰ সভাপতিগৰাকীয়ে হত্যাকাণ্ডৰ লগত জড়িত লোকসকলক অতি সোনকালে কৰায়ত্ত কৰি উচিত শাস্তি বিহাৰ বাবে মেঘালয় চৰকাৰক দাবী জনায় আৰু মৃতকৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিবলৈ আহ্বান জনায়৷ যদিহে পৰৱৰ্তী সময়ত মেঘালয় চৰকাৰে হত্যাকাৰীক গ্ৰেপ্তাৰ নকৰে, তেতিয়া অসম-মেঘালয় সংযোগী সকলো পথ বন্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰে ৷ উল্লেখযোগ্য যে ১৬ এপ্ৰিলত ছুইফট ডিজিয়াৰ বাহনেৰে যুৱকৰ দলটো মেঘালয়লৈ গৈছিল । ১৭ এপ্ৰিলত পুৱা ওৱাগাচিৰ বনাঞ্চলত জ্বলি ছাই হোৱা বাহনসহ উদ্ধাৰ হৈছিল যুৱক ৩জনৰ মৃতদেহ। ডিজায়াৰ বাহনখনৰ ভিতৰত তিনিও যুৱক থকাৰ সময়তেই দুৰ্বৃত্তই বাহনখনত অগ্নিসংযোগ কৰে। নিহত যুৱককেইজন গোৱালপাৰাৰ দলগোমাৰ জমৰ আলী আৰু নুৰ মহম্মদ তথা আনজন কৃষ্ণাইৰ খৰিধৰাৰ ছাহিদুল ইছলাম। প্ৰতিবাদী কাৰ্যসূচীৰ শেষত কেন্দ্ৰীয় কমিটীৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ, উপদেষ্টা আইনুদ্দিন আহমেদ, মিনাতুল ইছলাম আৰু ইমতিয়াজ হুছেইন স্বাক্ষৰিত স্মাৰক-পত্ৰ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমালৈ ঘটনাৰ উচিত তদন্ত বিচাৰি জিলা প্ৰশাসনৰ জৰিয়তে প্ৰেৰণ কৰে ৷

প্ৰেৰক বেনজিন বড়ো

You might also like