নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙাপৰাত চাহ জনগোষ্ঠীয় ৰাইজৰ ভোটাতৰা হৈ জিলিকিল চানু প্ৰজা

 🔹 আৰ্থিক দৈন্যকো নেওচি দুটা বিষয়ত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিল : আজি ঘোষিত ৰাজ্যৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শোণিতপুৰৰ ৰঙাপৰা বিধানসভা সমষ্টিৰ ফুলবাৰী চাহ বাগিচাৰ এগৰাকী মাতৃহীনা ছাত্ৰীয়ে আৰ্থিক দৈন্যকো নেওচি দুটা বিষয়ত লেটাৰ নম্বৰসহ সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাত চাহ বাগিচাখনৰ চাহ জনগোষ্ঠীয় ৰাইজৰ মাজত আনন্দৰ লহৰ পৰিলক্ষিত হৈছে। ৰাজ্য চৰকাৰে চাহ বাগিচাৰ ৰাইজৰ সন্তানক গুণগত শিক্ষা প্ৰদান কৰাৰ উদ্দেশ্যৰে স্থাপন কৰা বালিপৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ অধীনৰ ফুলবাৰী চাহ বাগিচাৰ মুক্তিযোদ্ধা ৰঙা মুণ্ডা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী তথা ফুলবাৰীৰ বেংবাৰী লাইনৰ বাসিন্দা হৰিপ্ৰসাদ প্ৰজাৰ কন্যা চানু প্ৰজাই এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত নিজ বিদ্যালয়ৰ হৈ বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত পৰীক্ষাত অৱতীৰ্ণ হৈছিল । আজি ঘোষিত ফলাফলত ছাত্ৰীগৰাকীয়ে বাধ্যতামূলক বিষয় ইংৰাজী আৰু হিন্দী ভাষাত লেটাৰ লাভ কৰি সৰ্বমুঠ ৩৯৬ নম্বৰেৰে সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ চাহ বাগিচাখনৰ লগতে সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে । মাতৃহীনা ছাত্ৰীগৰাকীৰ পিতৃ ফুলবাৰী চাহ বাগিচাৰ ফেক্টৰীৰ কৰ্মচাৰী । কৰ্তব্য সম্পাদনৰ পিছত লাভ কৰা সীমিত ধনেৰে নিজ কন্যাক কষ্টেৰে পঢ়ুৱাইছিল বুলি উল্লেখ কৰি কন্যাৰ এনে সফলতাত সুখী বুলি উল্লেখ কৰিছে লোকজনে। আনহাতে, ছাত্ৰী চানুৱেও ঘৰুৱা কাম-কাজ সম্পাদন কৰিও সময় উলিয়াই মনোযোগেৰে পঢ়া-শুনা কৰিছিল বুলি উল্লেখ কৰি ভৱিষ্যতে সু-নাগৰিক হোৱাৰ সপোন মনত পুহি ৰখা বুলি জনাইছে । ছাত্ৰীগৰাকীৰ সফলতাৰ খবৰ লাভ কৰাৰ লগে লগে আজি ছাত্ৰীগৰাকীৰ আৱাসত দলীয় কৰ্মী, ৰাইজক লগত লৈ উপস্থিত হয় ৰঙাপৰা বিধানসভা সমষ্টিৰ যুৱ বিধায়ক কৃষ্ণ কমল তাঁতী। তাঁতীয়ে ছাত্ৰীগৰাকীক গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰি উচ্চ শিক্ষাৰ বাবে দহ হাজাৰ টকা আৰ্থিক সহযোগিতা আগবঢ়াব বুলিও আশ্বাস প্ৰদান কৰে বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে ।

প্ৰেৰক প্ৰাঞ্জল প্ৰতিম

You might also like