নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিত আনুষ্ঠানিকভাৱে যোগ দিলে তিনি কংগ্ৰেছ বিধায়কে

ডিজিটেল ডেস্ক, ৫ মাৰ্চ : আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত আকৌ এক মোক্ষম আঘাত। আজি (৫ মাৰ্চ) পুৱা গুৱাহাটীৰ বাজপেয়ী ভৱনত তিনিজন বৰ্তমানৰ কংগ্ৰেছ বিধায়কে বিজেপিত যোগদান কৰে। বশিষ্ঠ চাৰিআলিস্থিত বাজপেয়ী ভৱনত আনুষ্ঠানিকভাৱে আজি বিজেপিত যোগদান কৰে এই তিনি কংগ্ৰেছ বিধায়কে।

উল্লেখ্য যে এই তিনিগৰাকী কংগ্ৰেছ বিধায়ক হৈছে কমলাক্ষ দে পুৰকায়স্থ (উত্তৰ কৰিমগঞ্জ), শশীকান্ত দাস (ৰহা) আৰু বসন্ত দাস (মঙলদৈ)। আজি পুৱাই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে এই তিনি কংগ্ৰেছ বিধায়কে। তেওঁলোকৰ লগতে APCCৰ প্ৰাক্তন যুটীয়া সম্পাদক পাৰ্শ্ব বব কলিতাৰ লগতে তৃণমূল যুৱ কংগ্ৰেছৰ কেন্দ্ৰীয় সাঃ সম্পাদক কংকন নাথেও একে যোগদান অনুষ্ঠানত বিজেপিত যোগদান কৰে।

যোগদান অনুষ্ঠানত অসম বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী পীয়ূষ হাজৰিকাৰ লগতে দলৰ আন আন জ্যেষ্ঠ নেতৃত্ব উপস্থিত থাকে।

You might also like