নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্যক্তিগত জেট বিমানেৰে পৰিয়ালসহ ছৌদি আৰব ত্যাগ তাৰকা ফুটবলাৰ ৰ’নাল্ডোৰ

ডিজিটেল ডেস্ক, ৫ মার্চ : ইৰানৰ বিপক্ষে আমেৰিকা আৰু ইজৰাইলৰ যুদ্ধ চলি থকাৰ মাজতে ছৌদি আৰব ত্যাগ কৰিলে পর্তুগালৰ তাৰকা ফুটবলাৰ ক্রিষ্টিয়ানো ৰ’নাল্ডোই৷ ৰিয়াধত থকা আমেৰিকাৰ দূতাৱাসত ইৰানৰ ড্রোনে আক্রমণ কৰাৰ পিছত ছৌদি আৰব ত্যাগ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে বিশ্বৰ অন্যতম শ্রেষ্ঠ ফুটবলাৰ ৰ’নাল্ডোৱে৷ ব্যক্তিগত জেট বিমানেৰে ছৌদি আৰবৰ পৰা মাদ্রিদত উপস্থিত হয় ৰ’নাল্ডো৷

পর্তুগীজ কিংবদন্তিগৰাকীয়ে ৬১ মিলিয়ন ইউৰোৰ ব্যক্তিগত বিমানত প্রেয়সী জর্জিনা ৰড্রিগুৱেজ আৰু ৫ সন্তানৰ সৈতে মাদ্রিদত উপস্থিত হয়৷ ছৌদি প্রিমিয়াৰ লীগ ক্লাব আল নাছেৰৰ হৈ খেলা ৰ’নাল্ডোৱে ৰিয়াধত ইৰানৰ ড্রোন আক্রমণৰ পাছত ছৌদি আৰব ত্যাগ কৰাৰ সিদ্ধান্ত লয়৷ বিমান ট্রেকিঙত দেখা গ’ল যে ৪১ বছৰীয়া তাৰকা ফুটবলাৰগৰাকীৰ ব্যক্তিগত বিমান ব’ম্বাৰডিয়াৰ গ্ল’বেল এক্সপ্রেছ মাদ্রিদলৈ গৈ আছিল৷ ৰিয়াধৰ পৰা মাদ্রিদলৈ সময় লাগে ৭ ঘণ্টা৷

জানিব পৰা মতে, ইতিমধ্যে ইজিপ্ত হৈ ৰ’নাল্ডোৱে নিৰাপদে স্পেইনত উপস্থিত হৈছে৷ উল্লেখ্য যে ছৌদি ফুটবলৰ ব্রেণ্ড এম্বেছাডৰ ৰ’নাল্ডোৱে ২০২৪ চনত গালফষ্ট্রিন জি২০০ বিমানখন বিক্রী কৰি ৬১ মিলিয়ন ইউৰোৰ নতুন বিমান ক্রয় কৰিছিল৷ বিমানখনত ১৫জন লোকৰ বাবে ঠাই আছে৷

You might also like