১০০ ঘণ্টাত ইৰানৰ ২,০০০ স্থানত আক্রমণ আমেৰিকা-ইজৰাইলৰ
🔹 পশ্চিম এছিয়াত যুদ্ধৰ উত্তেজনা অব্যাহত
ডিজিটেল ডেস্ক, ৫ মার্চ : শনিবাৰে ইজৰাইলে ইৰানত আক্রমণ চলোৱাৰ পিছতে ইৰানেও প্রত্যাক্রমণ কৰাত স্বাভাৱিকতে পশ্চিম এছিয়াত সৃষ্টি হৈছে এক উত্তেজনাময় পৰিস্থিতি৷ ক্রমান্বয়ে বৃদ্ধি পাইছে সামৰিক সংঘাত৷ এই সামৰিক সংঘাতৰ প্রথম ১০০ ঘণ্টাৰো কম সময়ৰ ভিতৰত ইৰানৰ ২,০০০ৰো অধিক ঠাইক লক্ষ্য কৰি লয় ইজৰাইল-আমেৰিকাই ৷ কেৱল সেয়াই নহয়, দেশখনৰ নৌসেনাৰ এখন ছাবমেৰিনসহ ১৭খন জাহাজ ধ্বংস কৰা হৈছে৷ এই দাবী আমেৰিকাৰ চেন্ট্ৰেল কমাণ্ডাৰৰ৷
লগতে তেওঁলোকে দাবী কৰে যে বি–১, বি–২ বোম্বাৰেৰে ইৰানত ছার্জিকেল ষ্ট্রাইকো কৰা হৈছে৷ মার্কিন নৌসেনাৰ বিষয়া এডমিৰেল ব্রেড কুপাৰে এটা ভিডিঅ’ বার্তাযোগে এই দাবী কৰে৷ তেওঁ কয়, ‘ইৰানৰ নৌসেনাক যথেষ্ট প্রত্যাহ্বানৰ মুখত পেলাই দিছোঁ আমি৷ ইতিমধ্যে ১৭খন জাহাজ ধ্বংস কৰা হৈছে৷ এখন ছাবমেৰিনক লক্ষ্যত লোৱা হৈছে৷’ ইৰানৰ বিৰুদ্ধে ‘এপিক ফিউৰি’ অভিযান চলাইছে আমেৰিকা আৰু ইজৰাইলে৷
এই অভিযান প্রসংগত কুপাৰে কয় যে আমাৰ এতিয়া এটায়ে লক্ষ্য৷ আমাক লক্ষ্য কৰাৰ চেষ্টা কৰিলে তাৰ দুগুণ প্রত্যাক্রমণ কৰা হ’ব প্রতিপক্ষক৷ কুপাৰে জনায় যে এই সামৰিক অভিযানত ৫০,০০০ মার্কিন সেনাক মোতায়েন কৰা হৈছে৷ ২০০ৰো অধিক যুদ্ধ বিমান অভিযানত চামিল কৰা হৈছে৷ তেওঁ লগতে জনায় যে আমেৰিকা আৰু ইজৰাইলক লক্ষ্য কৰি ৫০০টা বেলিষ্টিক ক্ষেপণাস্ত্র এৰিছে ইৰানে৷ দুয়োখন দেশত আক্রমণ চলাবলৈ ২,০০০ আত্মঘাতী ড্রোন ব্যৱহাৰ কৰিছে৷ কুপাৰে কয়, ‘আমাৰ সৈতে কোনো প্রকাৰে সফল হ’ব নোৱাৰিব ইৰান৷’
তাৰ বিপৰীতে ইৰানে দাবী কৰে যে আমেৰিকা আৰু ইজৰাইলৰ সেনা ঘাটিসমূহক এটাৰ পিছত এটাকৈ লক্ষ্য কৰি লোৱা হৈছে৷ কেইবাশ সেনাৰ মৃত্যু ঘটিছে যদিও এই মৃত্যুৰ খবৰ স্বীকাৰ কৰা নাই আমেৰিকাই ।