নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিত নাহৰফুটুকীৰ সন্ত্ৰাস, বনৰজাৰ আক্ৰমণত আহত ৩ মহিলা শ্ৰমিক

ডিজিটেল ডেস্ক, ১৯ মে’ : চৰাইদেউ জিলাৰ সোণাৰিৰ সমীপৱৰ্তী শান্তিপুৰ চাহ বাগিচাত নাহৰফুটুকী বাঘৰ আতংক। বৰহাট আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত শান্তিপুৰ চাহ বাগিচাত কৰ্মৰত তিনিগৰাকী মহিলা শ্ৰমিকক বাঘে আক্ৰমণ কৰা ঘটনাত অঞ্চলটোত ভয় আৰু আতংকময় পৰিৱেশ সৃষ্টি হৈছে।

জানিব পৰা মতে, বাগিচাত কাম কৰি থকা সময়তে হঠাতে নাহৰফুটুকী বাঘে আক্ৰমণ কৰে মিনতি বাঢ়ৈ, জোনাকী বাস্কে আৰু বৰ্ণালী মুৰ্মু নামৰ তিনিগৰাকী মহিলা শ্ৰমিকক। বাঘৰ আক্ৰমণত তিনিওগৰাকী গুৰুতৰভাৱে আহত হয়।

ঘটনাৰ পিছতে আহত শ্ৰমিকসকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি চিকিৎসাৰ বাবে চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। এই ঘটনাৰ পিছত শান্তিপুৰ চাহ বাগিচা তথা সমীপৱৰ্তী অঞ্চলসমূহত আতংকময় পৰিৱেশ বিৰাজ কৰিছে।

You might also like