ধেমাজিত ভয়ংকৰ দুৰ্ঘটনা, প্ৰাণৰক্ষা তিনিজনৰ
গুৱাহাটীত সংঘটিত হোৱা দুৰ্ঘটনাৰ দৰেই ধেমাজিতো সংঘটিত হৈছে আন এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত সৌভাগ্যক্ৰমে গাড়ীখনত থকা দুই যুৱক আৰু এগৰাকী যুৱতীৰ প্ৰাণ ৰক্ষা পৰে যদিও তেওঁলোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
জানিব পৰা মতে, পুৱতিনিশা এখন নম্বৰপ্লেটবিহীন চুইফট্ গাড়ীয়ে এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত পতিত হয়। সংঘৰ্ষৰ প্ৰভাৱত গাড়ীখন পথৰ পৰা উফৰি পৰে আৰু গাড়ীখনৰ সন্মুখ অংশত ব্যাপক ক্ষতি হয়।
দুৰ্ঘটনাৰ পাছতেই স্থানীয় ৰাইজে ততাতৈয়াকৈ উদ্ধাৰ অভিযান চলাই আহত তিনিজনক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ঘটনাটোত আহত তিনিজনৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে।
ইফালে, দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাৰ সঠিক কাৰণ অনুসন্ধান আৰম্ভ কৰিছে।
ডিজিটেল ডেস্ক, ২৯ এপ্ৰিল