সম্পাদকীয় : সংস্কৃতিৰ স্মৃতি–সভ্যতাৰ দায়িত্ব
নিজৰ অতীতক মনত ৰখাজনেহে ভৱিষ্যৎ নির্মাণ কৰিব পাৰে বুলি কোৱা কথাটি অকল এজন ব্যক্তিৰ ক্ষেত্রতেই নহয়, এটা জাতিৰ ক্ষেত্রতো প্রযোজ্য৷ অকল বর্তমানতে জীয়াই নাথাকি নিজৰ অতীতক সংৰক্ষণ কৰি তাক ভৱিষ্যতলৈ হস্তান্তৰ কৰা সমাজখনকহে ‘সু–সংস্কৃত’ বুলি আখ্যা দিয়া হয়৷
কিতাপ, পাণ্ডুলিপি, গীত, চলচ্চিত্র, নাটক, চিত্রকলা– এই সকলোবোৰ কেৱল কলাত্মক সামগ্রীয়েই নহয়, এইবোৰ একো একোটা জাতিৰ জীৱনৰ অংগ৷ এই জীৱনী সংৰক্ষণ নহ’লে জাতিটোৱে লাহে লাহে স্মৃতিভ্রংশ ৰোগীৰ দৰে নিজৰ পৰিচয় হেৰুৱাই পেলায়৷
আজি অসমীয়া সমাজ এই গুৰুত্বপূর্ণ প্রশ্নটোৰ সন্মুখীন হৈছে৷ মহাপুৰুষ শংকৰ–মাধৱৰ বৰগীত–অংকীয়া নাট, জ্যোতিপ্রসাদ আগৰৱালাৰ চলচ্চিত্র, ভূপেন হাজৰিকাৰ গান আৰু চিনেমা আদিৰ দৰে ঐতিহ্যবোৰৰ কিমানখিনি পদ্ধতিগতভাৱে সংৰক্ষিত হৈছে, সেই কথাটো ভবাৰ সময় উপস্থিত হৈছে৷
কিমান পুৰণি পুথি উঁই পৰুৱাই খাহছে, কিমান ফিল্মৰ ৰীল নষ্ট হৈছে, কিমান লোকগীত গায়কসকলৰ প্রস্থানৰ লগে লগে চিৰকালৰ বাবে হেৰাই গৈছে– এইবোৰৰ হিচাপ একো একোটা যন্ত্রণাদগ্ধ অভিজ্ঞতা হৈ ৰৈ যায়৷
এনে সময়তে সাংস্কৃতিক আর্কাইভৰ অপৰিহার্যতাৰ প্রশ্ন উত্থাপন হয়৷ বিশ্বৰ মহান সভ্যতাসমূহে সদায় নিজৰ জ্ঞানভাণ্ডাৰ ভৱিষ্যতলৈ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিছে৷ আলেকজান্দ্রিয়াৰ বিখ্যাত গ্রন্থাগাৰ ‘লাইব্রেৰী অৱ আলেকজান্দ্রিয়া’ত খ্রীষ্টপূর্ব তৃতীয় শতিকাত লক্ষাধিক পেপিৰাছ স্ক্রল সংগ্রহ কৰা হৈছিল৷
সেয়া আছিল মানৱ সভ্যতাৰ প্রথম পদ্ধতিগত আর্কাইভ৷ ব্রিটিছ লাইব্রেৰীয়ে আজিলৈকে সংৰক্ষণ কৰা নথিৰ পৰিমাণ ১৭ কোটিতকৈও অধিক৷ ফ্রান্সৰ ৰাষ্ট্রীয় গ্রন্থ সংগ্রহত মধ্যযুগীয় পাণ্ডুলিপিৰ পৰা আৰম্ভ কৰি আধুনিক ডিজিটেল নথিলৈকে সকলো সংৰক্ষণ কৰা হৈ আছে৷
ভাৰততো নেচনেল ফিল্ম আর্কাইভ, সংগীত নাটক একাডেমীৰ আর্কাইভ, প্রসাৰ ভাৰতীৰ আর্কাইভ আদি প্রতিষ্ঠানে দশকৰ পিছত দশক ধৰি এহ কাম কৰি আহিছে৷
কিন্তু অসমৰ দৰে সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ অধিকাৰী ৰাজ্যৰ ক্ষেত্রত এই ব্যৱস্থা এতিয়াও আশাপ্রদ নহয়৷ অসম চৰকাৰে চলচ্চিত্রৰ বাবে স্থাপন কৰা আর্কাইভটিৰ বিকাশ নহ’ল একমাত্র পৰিচালকৰ যোগ্যতাহীনতাৰ বাবে৷ অৱশ্যে বিভিন্ন বিশ্ববিদ্যালয়ে নিজাববীয়াকৈ গ্রন্থ–আর্কাইভৰ ব্যৱস্থা কৰিছে৷ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রই নাটকৰ আর্কাইভ এটিৰ কাম আৰম্ভ কৰিছে৷
ব্যক্তিগত উদ্যোগত কিতাপ আৰু সংগীতৰ আর্কাইভৰ কাম চলি আছে৷ সাংস্কৃতিক আর্কাইভৰ দৰে বিশাল কাম একোটি কেৱল ব্যক্তিগত উদ্যোগৰ বিষয় হ’ব নোৱাৰে৷ ইয়াৰ বাবে প্রয়োজন দীর্ঘম্যাদী নীতি, পর্যাপ্ত ধন আৰু প্রশিক্ষিত মানৱ সম্পদৰ৷
এইক্ষেত্রত চৰকাৰে কৰিবলগীয়া ভালেখিনি থাকে৷ চৰকাৰৰ কর্তব্য হৈছে পুথিভঁৰাল আৰু আর্কাইভ কেন্দ্র স্থাপন কৰা, পুৰণি পাণ্ডুলিপি, গ্রন্থ আৰু চলচ্চিত্র ডিজিটাইজ কৰা, লোককলা, লোকগীত আৰু মৌখিক পৰম্পৰাক গ্রন্থায়িত কৰাৰ প্রকল্প হাতত লোৱা, বিশ্ববিদ্যালয়সমূহ অভিলেখাগাৰ অধ্যয়নৰ পাঠ্যক্রম আৰম্ভ কৰা৷
ব্যক্তিগত প্রচেষ্টাত আৰম্ভ হোৱা ডিজিটেল অসম আর্কাইভৰ স্বপ্নই পাখি মেলিছে, কিন্তু উৰিবলৈ তাক বহু সহায়ৰ প্রয়োজন৷ এটা কথা ঠিক যে চৰকাৰৰ ওপৰত সম্পূর্ণ নির্ভৰশীলতা বিপজ্জনক৷ ইতিহাসে দেখুৱাহ আহিছে যে শিক্ষাবিদ, লেখক, শিল্পী, সাংবাদিক, গৱেষক আৰু সাধাৰণ মানুহ আদি সকলোৰে সক্রিয় অংশগ্রহণ অবিহনে সাংস্কৃতিক সংৰক্ষণ সম্ভৱ নহয়৷
পৰিয়ালৰ পুৰণি চিঠি, ফটোগ্রাফ, গানৰ বহী– এইবোৰ ডিজিটাইজ কৰি ৰখাৰ অভ্যাস কৰিব লাগিব৷ গাঁৱৰ প্রবীণ মানুহৰ মুখৰ পৰা লোককথা, প্রবাদ আৰু গান ৰেকর্ড কৰি ৰখাটো আজিৰ যুৱ প্রজন্মৰ দায়িত্ব৷
ইণ্টাৰনেটৰ যুগত উইকিপিডিয়া, ইণ্টাৰনেট আর্কাইভ, ইউটিউব আদিত অসমীয়া সামগ্রী আপলোড কৰাটোও এক ধৰণৰ আর্কাইভিং৷ এখন সু–সংস্কৃত সমাজে কেৱল বর্তমান সময়ক উপভোগ নকৰে, ই অতীতক সন্মান কৰে আৰু ভৱিষ্যতৰ বাবে সেই ঐতিহ্য যতনাই ৰাখে৷
নালন্দা বিশ্ববিদ্যালয়ৰ গ্রন্থাগাৰ জ্বলি যোৱাৰ সময়ত মানৱ সভ্যতাই যি জ্ঞানভাণ্ডাৰ হেৰুৱাইছিল, তাৰ ক্ষতি আজিও পূৰণ হোৱা নাই৷ সংস্কৃতিৰ স্মৃতিয়েই সভ্যতাৰ প্রাণ৷ এই প্রাণ ৰক্ষাৰ দায়িত্ব চৰকাৰ আৰু নাগৰিক সমাজ দুয়োৰে৷